মাত্ৰ এমাহ খাদ্যৰ তালিকাৰ পৰা আলুক আঁতৰাই ৰাখক, আৰু এই কেইটা বেমাৰৰ পৰা পৰিত্ৰাণ পাওঁক......

potato

ভাৰতৰ লগতে বিশ্বৰ প্ৰায় সকলো লোকেই খাদ্য ৰান্ধোতে প্ৰতিটো ব্যঞ্জনত আলু ব্যৱহাৰ কৰে। অতীতৰ পৰা বৰ্তমান লৈ আমাৰ খাদ্যৰ তালিকাত আলু এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।  নিৰামিষ ব্যঞ্জন, মাছ, মাংস, কণী আদি আঞ্জা আলু অবিহনে যেন আধৰুৱা। আঞ্জাত আলু নাথাকিলে খাবলৈও বহুতে মন নকৰে। কিন্তু আলু সকলোৰে বাবে ভাল নে?

আলু মিঠা আৰু গৰম প্ৰকৃতিৰ। ইয়াত বহুতো পুষ্টিকৰ গুণ আছে। ই হৃদযন্ত্ৰ আৰু পেশীৰ কামত সহায় কৰে। ১টা আলু খালে পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন, ফাইবাৰ, কাৰ্বহাইড্ৰেট, ভিটামিন, পটেছিয়াম, মেংগানিজ, মেগনেছিয়াম, নিয়াচিন পাব পাৰিব। কিন্তু ইয়াৰ আন এটা দিশো আছে।

আজিকালি বহু লোকে কঠোৰ খাদ্যাভ্যাস পালন কৰাৰ সময়ত খাদ্যৰ পৰা আলু কমাবলৈ বা সম্পূৰ্ণৰূপে আঁতৰাবলৈ চেষ্টা কৰে। আচলতে আলু ৰান্ধিবলৈ বহুত তেলৰ প্ৰয়োজন, গতিকে চৰ্বি হোৱাৰ সম্ভাৱনা বেছি থাকে। আমেৰিকাৰ কৃষি বিভাগৰ পৰিসংখ্যা অনুসৰি ১০০ গ্ৰাম বগা আলুত ৭৭ কেলৰি, ২ গ্ৰাম প্ৰ’টিন আৰু ২ গ্ৰাম আঁহ থাকে।

অৱশ্যে,আলুত থকা ষ্টাৰচৰ ফলত তেজৰ চুগাৰৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে, গতিকে আলু খোৱা পৰিহাৰ কৰিলে তেজৰ গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব পাৰে। ডায়েবেটিছ ৰোগীয়ে আলু পৰিহাৰ কৰাটো অতি প্ৰয়োজনীয়।

ডায়েবেটিছ ৰোগীয়ে যদি এমাহলৈকে আলু পৰিহাৰ কৰে, তেন্তে ই তেওঁলোকৰ শৰীৰৰ বাবে অতি উপকাৰী হ’ব। অতিৰিক্ত তেলৰ জুতি থকা ফ্ৰেঞ্চ ফ্ৰাই বা আলু পৰিহাৰ কৰিলেও ওজন হ্ৰাস কৰাত সহায়ক হ’ব।

আলুত পোৱা কাৰ্বোহাইড্ৰেটে আৰ্থ্ৰাইটিছৰ বিষ বৃদ্ধি কৰে, সেয়ে আৰ্থ্ৰাইটিছ ৰোগীসকলে অত্যধিক আলু খাব নালাগে। আলুৰ অত্যধিক সেৱনৰ ফলত শৰীৰত ৰক্তচাপ বৃদ্ধি হ’ব পাৰে।

Category
Profile picture for user UB Photos