ক্ৰিকেট প্ৰেমীসকল লৈ সুখবৰ! গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব IPLৰ খেল.......

IPL

ক্ৰিকেট প্ৰেমীসকল লৈ সুখবৰ! ইতিমধ্যেই IPL ২০২৪ বৰ্ষৰ প্ৰথম ২১খন খেলৰ সময়সূচী ঘোষণা কৰা হৈছে। অহা মাহ অৰ্থাৎ মাৰ্চৰ ২২ তাৰিখৰ পৰা আৰম্ভ হ'ব IPLৰ খেলসমূহ। 

এই বৰ্ষৰ  IPLৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব চেন্নাইত। চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালোৰৰ মাজত অনুষ্ঠিত হ'ব এই বৰ্ষৰ IPLৰ প্ৰথমখন খেল। উল্লেখ্য যে, ১০খন চহৰত প্ৰথম পৰ্যায়ৰ খেলসমূহ খেলা হ'ব।

উল্লেখ্য যে, দেশৰ লোকসভা নিৰ্বাচনৰ পাছতে IPLৰ বাকী থকা খেলসমূহ অনুষ্ঠিত কৰা হ'ব। সদ্যঘোষিত IPLৰ সূচীয়ে অসমবাসীলৈ সুখবৰ আনিছে। এইবাৰ গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব IPLৰ খেল। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত IPLৰ দুখন কৈ খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। 

অৱশ্যে দ্বিতীয় পৰ্যায়ত হ'বলগীয়া খেল বৰ্ষাপাৰাত খেলা হ'ব। যিহেতু ৰাজস্থান ৰয়েলছৰ দ্বিতীয় ঘৰুৱা খেলপথাৰ বৰ্ষাপাৰা ষ্টেডিয়াম, সেয়ে ইয়াত কেইখনমান IPL মেচ অনুষ্ঠিত হ'ব। 

Category
Profile picture for user UB Photos