হত্যা, আত্মহত্যা নে আন কিবা ৰহস্য! পৰীক্ষাৰ প্ৰথম দিনাই চৰম পথ ময়ূৰৰ, কি আছে ছুইচাইড নোট?...........

ghy

আজিৰে পৰা আৰম্ভ হৈছে CBSEৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থকাৰ মাজতে গুৱাহাটীৰ বেলতলাৰ চন্দন নগৰত সংঘটিত হৈছে এক অঘটন। পৰীক্ষাৰ প্ৰথম দিনটোতেই চৰমপন্থা বাছি ল’লে এগৰাকী মেধাৱী ছাত্ৰই। 

উল্লেখ্য যে, মহানগৰীৰ বেলতলাৰ চন্দন নগৰৰ এটা ফ্লেটত উদ্ধাৰ কৰা হৈছে দ্বাদশ শ্ৰেণীৰ  এজন ছাত্ৰৰ মৃতদেহ। মৃত ছাত্ৰজন DPSৰ ছাত্ৰ ময়ূৰ গোস্বামী আছিল বুলি জানিব পৰা গৈছে। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ময়ূৰ গোস্বামীৰ মৃতদেহ। দশম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত CBSEত দেশৰ ভিতৰত পঞ্চম স্থান পাবলৈ সক্ষম হৈছিল ময়ূৰে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা বেলতলাৰ উৰ্বশী এৰ্পাটমেণ্টৰ ১০২ নং কোঠাত উদ্ধাৰ ময়ূৰ গোস্বামীৰ মৃতদেহ। CBSEৰ প্ৰথম পৰীক্ষাৰ দিনাই এই অঘটনক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আনহাতে, উৰ্বশী এৰ্পাটমেণ্টত ময়ূৰে এজন কেয়াৰটেকাৰৰ লগতে অকলে বাস কৰিছিল। দুটা পৃথক পৃথক কোঠাত আছিল দুয়ো। বুধবাৰে নিশা ময়ূৰে আহাৰ গ্ৰহণ নকৰাৰ লগতে ময়ূৰৰ কোঠাৰ দৰ্জা বন্ধ আছিল বুলি জানিব পৰা গৈছে। পুৱা বহুসময়লৈ দৰ্জা খোলা নাছিল ময়ূৰে, তাৰপাছতে ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে দৰ্জা ভাঙি উদ্ধাৰ কৰে মৃতদেহ।

কোঠাটোৰ ভিতৰত উলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ময়ূৰক। মৃতদেহৰ লগতে আৰক্ষীয়ে কোঠাৰ পৰা উদ্ধাৰ কৰিছে ছুইচাইড নোট। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো GMCHৰ মৰ্গলৈ লৈ যায়। আৰক্ষীৰ তদন্তত সত্যতা প্ৰকাশ পাব বুলি আশা সকলোৰে।

কিন্তু কেয়াৰ টেকাৰ সৈতে অকলে থকা মেধাৱী ময়ূৰৰ মৃতদেহ ফ্লেটত উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য।

Category
Profile picture for user UB Photos