“আমি ভালে আছো। আমাৰ কাৰণে চিন্তা কৰিব নালাগে। আমি ল’ৰাৰ লগত নাই!” নুনমাটি ঘটনাৰ পুনৰাবৃত্তি - অপহৰণ, পলায়ন নে আন কিবা?........

assam

মহানগৰীৰ নিৰুদ্দেশ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই ৰাজ্যত পুনৰ দুগৰাকী ছাত্ৰী নিখোঁজ হোৱাৰ আন এক ঘটনা পোহৰ লৈ আহিছে। এইবাৰ নিখোঁজ হৈছে মৰিয়নীৰ দুগৰাকী ছাত্ৰী। সন্ধানহীন ছাত্ৰী দুগৰাকীৰ এগৰাকীৰ নাম অনুষ্কা কোচ আৰু আনগৰাকীৰ নাম গায়ত্ৰী চুতীয়া বুলি জানিব পৰা গৈছে। চলিত সপ্তাহৰ ভিতৰত দুটাকৈ নিৰুদ্দেশৰ ঘটনা সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, মৰিয়নীত নিৰুদ্দেশ হোৱা দুয়োগৰাকীৰ ভিতৰত গায়ত্ৰী চুতীয়া এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল। আনহাতে, চলিত সপ্তাহৰ সোমবাৰৰ পৰা মৰিয়নীৰ নাগাজংকা কল্যাণপুৰৰ এই দুগৰাকী নাবালিকা সন্ধানহীন হৈ আছে।  

জানিব পৰা মতে, সোমবাৰে দুই গৰাকী ছাত্ৰীয়ে একেলগে নিজ গৃহৰ পৰা ওলাই গৈছিল। তাৰ পিছৰে পৰা দুয়োৰে কোনো খবৰ পোৱা নাই পৰিয়ালে। ইয়াৰ পিছতেই ছাত্ৰী দুগৰাকী নিখোঁজ সন্দৰ্ভত মৰিয়নী আৰক্ষীক পৰিয়ালে এজাহাৰ প্ৰদান কৰিছে যদিও আজি পৰ্যন্ত কোনো সম্ভেদ ওলোৱা নাই।

উল্লেখ্য যে, নুনমাটি ঘটনাৰ দৰেই সন্ধানহীন অনুষ্কা কোচে হোৱাটচএপ যোগে ঘৰৰ এগৰাকী বায়েকলৈ বুধবাৰে এক বাৰ্তা প্ৰেৰণ কৰিছে। WhatsApp মেছেজত লিখিছে, “আমি ভালে আছো। আমাৰ কাৰণে চিন্তা কৰিব নালাগে। আমি ল’ৰাৰ লগত নাই। আমি দুয়োজনী একেলগে ধুনীয়াকৈ আছো।” 

সন্ধানহীন হোৱাৰ দুদিনৰ পাছত ছাত্ৰী দুগৰাকীৰ বুলি এটা মেচেজ পৰিয়ালে পাইছে যদিও সিহঁত ক’ত আছে সেই কথা জানিব পৰা হোৱা নাই। লগতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মৰিয়নী আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। বৰ্তমান পৰিয়ালে সন্দেহ কৰিছে যে কিশোৰী দুগৰাকী কোনো নাৰী দেহ ব্যৱসায়ী চক্ৰৰ প্ৰলোভনৰ কৱলত পৰিছে।

এক আচৰিত বিষয়টো হৈছে যে, চলিত সপ্তাহতে প্ৰায় একেধৰণৰ দুটাকৈ ঘটনাই কিহৰ ইংগিত দিছে? আৰক্ষীৰ তদন্তৰ অন্ততহে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব। আচলতে ছাত্ৰী দুগৰাকী ক’ত আছে, কোনোবাই সিহঁতক অপহৰণ কৰিছে নে নিজেই ক’ৰবালৈ গৈছে আদি বিভিন্ন বিষয় পোহৰলৈ আহিব।

গতিকে, মৰিয়নী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব। 

Category
Profile picture for user UB Photos