নাৰী দেহ ব্যৱসায়ী চক্ৰত বিক্ৰী কৰাৰ পৰিকল্পনা দুই ছাত্ৰীক! আৰক্ষীৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ........

missing girl

প্ৰসংগঃ মহানগৰীত নিৰুদ্দেশ দুই ছাত্ৰী! সৰস্বতী পূজাৰ দিনাই নিৰুদ্দেশ হৈছিল ছাত্ৰী দুগৰাকী। আৰক্ষীৰ তদন্তত অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া সন্ধান পোৱা গ'ল ছাত্ৰী দুগৰাকী।

উল্লেখ্য যে, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। পশ্চিমবংগৰ নাৰী দেহ ব্যৱসায়ী চক্ৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰা হৈছিল দুই ছাত্ৰীক। মিছকলযোগে প্ৰথমে মাধৱ দাসৰ সৈতে চিনাকি দুই ছাত্ৰীৰ। পশ্চিমবংগত চাকৰি দিয়াৰ প্ৰলোভনেৰে প্ৰথমে টিহুলৈ লৈ যায় ছাত্ৰী দুগৰাকীক।

জানিব পৰা মতে, ধৃত মাধৱ দাস নাৰী দেহ ব্যৱসায়ী লগত জড়িত আছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সকলো তথ্য। অন্ধ মাধৱ দাসে বাছত মগনীয়াৰ হিচাপে ধন সংগ্ৰহ কৰোঁতে চিনাকি হৈছিল পশ্চিম বংগৰ নাৰী দেহ ব্যৱসায়ী চক্ৰৰ লগত। 

মাধৱ দাসে নিজকে ৰাহুল বুলি চিনাকি দি বিভিন্ন কিশোৰী আৰু যুৱতীৰ লগত সম্পৰ্ক স্থাপন কৰি জড়িত হৈ পৰিছিল নাৰী দেহ ব্যৱসায়ীৰ লগত। পোহৰলৈ আহিছে ঘটনাৰে জড়িত আৰু দুই অভিযুক্তৰ নাম। বুদ্ধজিত কলিতা আৰু অৰুণ দাসে সহায় কৰিছিল মাধৱ দাসক। 

ধৃত বুদ্ধজিত কলিতা ঘৰ নলবাৰীৰ ঘগ্ৰাপাৰত। মাধৱ দাসৰ ঘৰ নলবাৰী ধমধমাত আৰু অৰুণ দাসৰ ঘৰ নলবাৰী জিলাৰ সোণাপুৰত। সম্প্ৰতি তিনি অভিযুক্তক জেৰা অব্যাহত নুনমাটি আৰক্ষীৰ।

Category
Profile picture for user UB Photos