আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা! অনলাইনৰ জড়িয়তে পৰীক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণ........

hs

আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবাৰৰ পৰীক্ষাত মুঠ ২,৮০,২১৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। মুঠ ৮৭৭ কেন্দ্ৰত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰীয়ে পৰীক্ষাত বহিছে। ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷

উল্লেখ্য যে,এইবাৰ কলা শাখাত ২,৬,৪৬৭ গৰাকী, বিজ্ঞান শাখাত ৫৫,২৮৭ গৰাকী আৰু বাণিজ্য শাখাত  ১৭,৫৮২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। প্ৰথমবাৰৰ কাৰণে এইবাৰ অনলাইনৰ জড়িয়তে পৰীক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণ কৰা হয়। ভুৱা পৰীক্ষাৰ্থীৰ সমস্যা নোহোৱা কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

লগতে, এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে সকলো পৰীক্ষাকেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে পৰীক্ষা পৰিচালনাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক তিনি ঘণ্টীয়া প্ৰশিক্ষণো প্ৰদান কৰিছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

Category
Profile picture for user UB Photos