ACSৰ চাকৰিত যোগদানৰ পূৰ্বেই বঞ্চিত হ'ব প্ৰিয়ংকা বৰুৱা! কিন্তু কিয়?............

priyanka

সদ্যঘোষিত APSCৰ ২০২২ বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ তালিকাত ACSৰ ৩০ সংখ্যক স্থান পাবলৈ সক্ষম হৈছিল প্ৰিয়ংকা বৰুৱা। কিন্তু ACSৰ চাকৰিত ষোগদানৰ পূৰ্বেই চাকৰিৰ পৰা বঞ্চিত হ'ব প্ৰিয়ংকা বৰুৱা। কিন্তু কিয়?

সদ্যঘোষিত APSC পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। কিন্তু ইয়াৰ মাজৰে এগৰাকী উত্তীৰ্ণ প্ৰাৰ্থীক লৈ বৰ্তমান সময়ত বিভিন্ন জনৰ মাজত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। 

উল্লেখ্য যে, প্ৰিয়ংকা বৰুৱা নামৰ যুৱতী গৰাকীৰ বিৰুদ্ধে উথ্থাপিত হৈছে কেলেংকাৰীৰ অভিযোগ। APSC পৰীক্ষাত নিজৰ কলংকিত অধ্যায় আন্ধাৰত ৰাখি ACS পদৰ বাবে উত্তৰ্ণীয় হোৱাৰ অভিযোগ উত্থাপন হৈছে। সেই হেতুকে এতিয়া ACSৰ চাকৰি পোৱাৰ পৰা বঞ্চিত হ’ব প্ৰিয়ংকা বৰুৱা।

জানিব পৰা মতে, অসম গ্ৰামীণ বিকাশ বেংকত ৩৫ লাখ টকীয়া কেলেংকাৰি সংঘটিত কৰাৰ অপৰাধতে চাকৰি হেৰুৱাইছিল প্ৰিয়ংকাই। গুৱাহাটীৰ চান্দমাৰি থানাৰ অধীনত ১৪২/২২ নম্বৰৰ ৰুজু হৈছিল গোচৰ।

আনহাতে, উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা প্ৰিয়ংকাই সকলো তথ্য লুকুৱাই APSC পৰীক্ষাত অৱতীৰ্ণ হৈ ACSৰ ৩০ সংখ্যক স্থান পাবলৈ সক্ষম হৈছিল।

দৰাচলতে, নিয়ম অনুসৰি APSC পৰীক্ষাত চৰকাৰী বা ৰাজহুৱা খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে চাকৰি কৰি থাকিলে বিভাগীয় অনুমতি পত্ৰ দাখিল কৰিব লাগে। বেংক জালিয়াতিৰ কৰি গ্ৰেপ্তাৰ হোৱাৰ সকলো ঘটনা প্ৰিয়ংকাই APSCৰ পৰীক্ষাৰ নথিত অন্তৰ্ভুক্তি কৰা নাছিল। অপৰাধজনিত সেই গোচৰত অভিযুক্ত হোৱাৰ বাবেই প্ৰিয়ংকা বৰুৱা এতিয়া ACS চাকৰিৰ পৰা বঞ্চিত হ’ব। 

সমগ্ৰ বিষয়টোত সন্দৰ্ভত অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ তদন্তকাৰী কোষ চমুকৈ BIEOত এক গোচৰ ৰুজু কৰা হৈছিল। সেই সন্দৰ্ভত বেংক কৰ্তৃপক্ষৰে BIEOয়ে যোগাযোগ কৰিছে।

Category
Profile picture for user UB Photos