প্ৰসংগঃ হাতীগাঁও থানাত গৰ্ভৱতী মহিলাক নিৰ্যাতন! প্ৰাৰম্ভিক তদন্তত দোষমুক্ত ঘোষণা সংশ্লিষ্ট আৰক্ষীক...............

hatigaon

প্ৰসংগঃ হাতীগাঁও থানাত গৰ্ভৱতী মহিলাক নিৰ্যাতন। প্ৰাৰম্ভিক তদন্তত দোষমুক্ত ঘোষণা সংশ্লিষ্ট আৰক্ষীক। স্বামী-স্ত্ৰীক থানালৈ অনাৰ সময়ত আছিল মহিলা আৰক্ষী। মহিলা উপ-পৰিদৰ্শক ৰিংকী হাজৰিকা আছিল ঘটনাস্থলীত। পুৱতি নিশা বাইক পেট্ৰ’লিং গোটে প্ৰত্যক্ষ কৰিছিল দম্পতীক।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ সবিশেষ প্ৰকাশ কৰিছে বিবৃতিযোগে । সুৰামত্ত অৱস্থাত আছিল ডিম্পল হাজৰিকা নামৰ লোকজন। পত্নীৰ সৈতে নাহৰণি পথত অপ্ৰকৃতিষ্ঠ অৱস্থাত আছিল হাজৰিকা। পেট্ৰ’লিং গোটে প্ৰশ্ন কৰাত আৰক্ষীক কৰিছিল দুৰ্ব্যৱহাৰ।

হাবিলদাৰ সুশীল কলিতা, কনিষ্টবল হাবিজুৰ ৰহমান আছিল পেট্ৰ’লিঙত। দুয়োকে অশ্ৰাব্য ব্যৱহাৰ কৰা বুলি আৰক্ষীৰ বিবৃতিত প্ৰকাশ। স্বামী-স্ত্ৰীয়ে আৰক্ষী লোকদুজনৰ ভিডিঅ’ কৰাৰো চেষ্টা চলায়।

বিবৃতিত উল্লেখ কৰা মতে, ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত খবৰ প্ৰেৰণৰ পিছতে মহিলা উপ-পৰিদৰ্শক ৰিংকী হাজৰিকা ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে বাৰম্বাৰ প্ৰশ্ন কৰাৰ পিছতো নিজৰ পৰিচয় দিবলৈ অস্বীকাৰ কৰে লোকজনে। ফলত লোকজনক থানালৈ আনিবলৈ বাধ্য হয় আৰক্ষী। হাজৰিকাৰ পত্নীক নিজৰ বাসস্থানত থৈ অহাৰো প্ৰস্তাৱ দিছিল আৰক্ষীয়ে। 

কিন্তু সেই প্ৰস্তাব অগ্ৰাহ্য কৰি মহিলাগৰাকীয়ে স্বামীৰ লগতে থানালৈ আহে। প্ৰায় ৩.২০ বজাত হাতীগাঁও থানা আহি পায় দলটো। তেওঁলোকক থানাখনত তদন্তকাৰী বিষয়াৰ কোঠাত বহুওৱা হয়। CCTVৰ ফুটেজ আছে বুলিও উল্লেখ কৰিছে বিবৃতিটোত।

হাজৰিকাৰ এলকহল টেষ্ট কৰোতে তেওঁৰ শৰীৰত স্বাভাৱিক স্তৰতকৈ বহু বেছি মদৰ পৰিমাণ পোৱা গৈছিল। আৰক্ষী বিষয়া ৰিংকী হাজৰিকাই বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও কোনো চিনাকি লোকৰ যোগাযোগৰ নম্বৰ দিবলৈ অস্বীকাৰ কৰে হাজৰিকাৰ পত্নীয়ে। 

প্ৰায় ৫ বজাত মহিলাগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীক অৱগত কৰায় তেওঁ দুমাহৰ গৰ্ভৱতী বুলি। ৫.২০ দুয়োকে HM হাস্পতাললৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাত কোনো ধৰণৰ হানি বিঘিনিৰ তথ্য পোৱা নগ’ল।

CCTV ফুটেজ পৰীক্ষা কৰি তদন্তকাৰী আৰক্ষী নিশ্চিত হৈছে থানাখনৰ তদন্তকাৰী বিষয়াৰ কোঠালিত দুঘণ্টা সময় বহি আছিল স্বামী স্ত্ৰী। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ কোনো দুঃঅভিপ্ৰায় পোৱা নগ’ল বুলি প্ৰাথমিক তদন্তত নিশ্চিত হোৱা বুলি বিবৃতিটোত প্ৰকাশ পাইছে।
 

Category
Profile picture for user UB Photos