এইবাৰ ৰঙাঘৰৰ আলহী হ'ল আৰক্ষীৰ পুত্ৰ! গৰু-ছাগলী চুৰি কৰাৰ বাবেই ৰাইজে আটক কৰিলে.........

THIEF

সকলোকে ন্যায় দিয়া আৰক্ষীৰ পুত্ৰই নামিল অপকৰ্মত। গৰু-ছাগলী চুৰি কৰাৰ বাবেই ৰাইজে আটক কৰিলে দুজনকৈ অভিযুক্তক। অভিযুক্ত দুজনৰ পৰিচয় খোধাত ওলাল উৰহি গছৰ ওৰ।

উল্লেখ্য যে, নগাঁৱত এইবাৰ আৰক্ষীৰ পুত্ৰ নামিল গৰু চুৰিকাণ্ডত। নিশা গৰু আৰু ছাগলী চুৰি কৰি জুৰীয়াত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহোতেই ৰাইজে অভিযুক্ত দুটাক আটক কৰে। বিলাসী I20 বাহনত চুৰি গৰু আৰু ছাগলীৰে সৈতে অভিযুক্ত দুটাক ৰাইজে হাতে-লোটে ধৰা পেলায়।

জানিব পৰা মতে, অভিযুক্ত দুটাৰ এজনৰ পিতৃ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হোৱাৰ বিপৰীতে আনটো অভিযুক্তৰ পিতৃ এজন কৰ্মৰত আৰক্ষী হাবিলদাৰ। অভিযুক্ত দুটা ক্ৰমে নৱজ্যোতি নাথ আৰু বিমল বৰা বুলি জানিব পৰা গৈছে। আনহাতে, অভিযুক্ত দুটাৰ ঘৰ ৰহাৰ সৰাগাঁৱত। 

বৰ্তমান জুৰীয়া আৰক্ষীৰ জিম্মাত দুই আৰক্ষীৰ পুত্ৰ। শুকুৰবাৰে নিশা মাহগুৰিত অভিযুক্ত দুটাক ৰাইজে আটক কৰিছিল।

Category
Profile picture for user UB Photos