ক্ষমতাৰ অপব্যৱহাৰ! হাতী চাফাৰিত আসন দিব নোৱাৰাৰ বাবেই বন বিষয়াক হাৰাশাস্তি SP ৰাজেন সিঙৰ..........

Golaghat

গোলাঘাট আৰক্ষী অধীক্ষকৰ মইমতালি
SP ৰাজেন সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
ক্ষমতাৰ অপব্যৱহাৰ কৰি বন বিষয়াক ধমক SPৰ
বন বিষয়াক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ
হাতী চাফাৰিৰ বাবে আসন দিব নোৱাৰাৰ বাবে হাৰাশাস্তি
ৰাজেন সিঙৰ নিৰ্দেশত বন বিষয়া তৰুণ গগৈক আটক
৪ ঘণ্টা আৰক্ষী চকীতে থাকিবলৈ বাধ্য কৰায় বন বিষয়াক

উল্লেখ্য যে, নিশা প্ৰায় ১১ বজাত কাজিৰঙাৰ দিৰিঙৰ নিজ বাসগৃহৰ পৰা আটক কৰি কহঁৰা আৰক্ষী চকীলৈ লৈ আনে বন বিষয়াগৰাকীক। উল্লেখ্যে যে আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ আত্মীয়ৰ বাবে পাচটা হাতীৰ চীট বিচাৰি বন বিষয়া তৰুণ গগৈৰে যোগাযোগ কৰিছিল SP ৰাজেন সিঙে কিন্তু হাতীৰ চীট দিব নোৱাৰাৰ বাবেই টেলিফোনত বন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰাই নহয় অশ্লীল বাক্যবানো কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বন বিষয়া তৰুণ গগৈয়ে। 

অৱশেষত গোলাঘাট জিলা উপায়ুক্তৰ হস্তক্ষেপত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। নিশা বন বিষয়াগৰাকীক নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি আৰক্ষী চকীলৈ অনা বিষয়টোৱে যথেষ্ট মনোকষ্ট দিয়াৰ লগতে মানসিক ভাৱে ক্ষতি কৰা বুলি কয় বন বিষয়া তৰুণ গগৈয়ে। 

যি সময়ত মুখ্যমন্ত্ৰীয়ে আৰক্ষীক জনহিত জনসেৱাৰ্থে ভাৱাৰ্থ উপলব্ধি কৰি দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই আহিছে তেনে সময়তে এখন জিলাৰ এগৰাকী আৰক্ষী অধীক্ষকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ নোহোৱাত প্ৰকাশ পোৱা এনে আক্ৰোশে কি বাৰ্তা প্ৰেৰণ কৰিব সমগ্ৰ আৰক্ষী বিভাগলৈ। এনে আৰক্ষী বিষয়াক লৈ কিদৰে ৰাইজৰ সেৱা কৰিব পাৰিব অসম আৰক্ষীয়ে তাকে লৈ প্ৰশ্নৰ উদ্ৰেক হৈছে।

Category
Profile picture for user UB Photos