চৰকাৰী ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ পঞ্চায়ত সচিব...........

scam

চৰকাৰী ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ পঞ্চায়ত সচিব
জিলা পৰিষদৰ CEOৰ গোচৰ থানাত
২২ লাখ টকাৰ পুঁজিৰ খেলিমেলিৰ অভিযোগ
কাছাৰ জিলা পৰিষদৰ CEOৰ গোচৰ থানাত
গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত সচিব কৃপাশংকৰ দত্ত


অভিযোগ মতে, পঞ্চায়ত সচিব কৃপাশংকৰ দত্ত সোণাই সমষ্টিৰ স্বাধীন বজাৰ পঞ্চায়তৰ দায়িত্বত থকাৰ সময়ত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনৰ বিভিন্ন চৰকাৰী কামত দুৰ্নীতি–অনিয়ম সংঘটিত কৰিছিল। অভিযোগ মতে, পঞ্চায়ত সচিবজনে প্ৰায় ২২ লাখ টকা আত্মসাৎ কৰে। কাছাৰ জিলা পৰিষদৰ CEO ৰঞ্জিত কুমাৰ লস্কৰে এই সন্দৰ্ভত লাভ কৰা অভিযোগৰ ভিত্তিত তদন্তৰ নিৰ্দেশ দিয়ে। তদন্তত অভিযোগ সত্য প্ৰমাণিত হোৱাত সচিবজনৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰা হয়।

Category