সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি! পাচঁ হাজাৰ টকা দাবী কৰাৰ বাবেই এই সিদ্ধান্ত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ.........

OC

সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি
অৱশেষ শাস্তিমূলক বদলি দুৰ্নীতিগ্ৰস্ত বিষয়াজনক
OC সন্দীপ কুমাৰ কানুক অপৰাধ শাখালৈ বদলি
গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ নিৰ্দেশমৰ্মে বদলি
সাতগাঁও থানাৰ নতুন OC হিতেশ বসুমতাৰী
পূৰ্বে হিতেশ বসুমতাৰী অপৰাধ শাখাৰ দায়িত্বত আছিল


উল্লেখ্য যে, আমছিং যোৰাবাটৰ বাসিন্দা ওম প্ৰকাশ মাঝিৰ ভূমি সমস্যা সমাধান কৰাৰ নামত এক লাখ টকা দাবী কৰাৰ লগতে পাঞ্জাবাৰীৰ অজিত বসুমতাৰী নামৰ লোকজনৰ চুৰি হোৱা গাড়ী উদ্ধাৰ কৰি দিয়াৰ বিনিময়ত পাচঁ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছিল বিষয়াজনৰ বিৰুদ্ধে। তদুপৰি সাংবাদিককো বাতৰি প্ৰচাৰ কৰা বাবে দুৰ্ব্যবহাৰ কৰাৰ অভিযোগ উঠিছিল। এই সন্দৰ্ভত পূব গুৱাহাটী প্ৰেছ ক্লাবে OCৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰী আৰু DGP লৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল। এই সংক্ৰান্তত আৰক্ষীয়ে নিজাববিয়াকৈ তদন্ত কৰি OC সন্দীপ কুমাৰ কানুক বদলি কৰে।

Category

Related Articles