প্ৰসংগঃ গুৱাহাটীৰ ডাবল মাৰ্ডাৰ! এতিয়া মুকলি আকাশৰ তলত ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতা..........

Bandana Kalita

গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাই সমগ্ৰ দেশতে এক জোকাৰণিৰ সৃষ্টি কৰিছিল। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল খলনায়িকা বন্দনা কলিতাই লাভ কৰিলে জামিন। কামৰূপৰ সত্ৰ ন্যায়াধীশৰ আদালতে বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিলে। 

জানিব পৰা মতে, বিভিন্ন স্বৰ্ত সাপেক্ষে জামিন দিয়া হৈছে বন্দনা কলিতাক। সপ্তাহত দুদিন নুনমাটি আৰক্ষী থানাত হাজিৰ হ’ব লাগিব ডাবল মাৰ্ডাৰৰ খলনায়িকা গৰাকীয়ে। আদালতৰ অনুমতি অবিহনে গৃহ জিলা এৰি  অন্য ঠাই লৈ যাব নোৱাৰিব বন্দনাই। দুই-এদিনৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিব বন্দনা।

উল্লেখ্য যে, ২০২২ চনৰ জুলাই-আগষ্ট মাহত সংঘটিত হোৱা এই ঘটনা পোহৰলৈ অহাৰ পাছতে অসম আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এই হত্যাকাণ্ডৰ সকলো তথ্য পোহৰলৈ আনিছিল। শ্বিলং- চেৰাপুঞ্জী পথৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছিল বন্দনা কলিতাৰ নৃশংসতাৰ স্বীকাৰ হোৱা স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'ৰ মৃতদেহৰ ভিন্ন টুকুৰা। 

ইয়াৰোপৰি ক্ৰমান্বয়ে উদ্ধাৰ হৈছিল হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা, কাপোৰ তথা অন্যান্য সামগ্ৰী। বন্দনা কলিতাই সংঘটিত কৰা এই হত্যাকাণ্ডৰ অন্যতম সহযোগী আছিল তেওঁৰ প্ৰমিক ধনটি ডেকা আৰু অৰূপ ডেকা। কিছু দিন পূৰ্বে অৰূপ কুমাৰ ডেকাই জামিন লাভ কৰিছিল। শেহতীয়াকৈ বন্দনা কলিতাৰ সৈতে ধনটি ডেকায়ো জামিন লাভ কৰিছে।

গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিনৰ পিছত এতিয়া সকলোৰে এয়া অসম আৰক্ষীৰ চৰম ব্যৰ্থতা বুলি প্ৰকাশ কৰা লগতে বিভিন্ন প্ৰশ্নৰ উদয় হৈছে যে বন্দনা কলিতা তথা আন দুই অভিযুক্তই শাস্তি পাবনে নাই? দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো এতিয়া সাধাৰণ লোকৰ দৰেই জীৱন যাপন কৰিব নেকি বন্দনাই তাকে লৈ মানুহৰ মাজত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। 

Category
Profile picture for user UB Photos