আকৌ এবাৰ চৰ্চাত উৰ্ফি! কিয় মুম্বাই পুলিচে গ্ৰেপ্তাৰ কৰিলে উৰ্ফি জাভেদক?.......

urfi

বৰ্তমান সময়ত ফেশ্যনেই কাল হৈ পৰিছে উৰ্ফি জাভেদৰ বাবে। সামাজিক স্থানত চুটি কাপোৰ পিন্ধা বাবেই গ্ৰেপ্তাৰ কৰা হৈছে উৰ্ফিক। 

ইতিমধ্যে সামাজিক মাধ্যমত উৰ্ফি জাভেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভিডিঅ' ভাইৰেল হৈ পৰিছে। শুকুৰবাৰে পুৱা ভাগত মুম্বাই আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে অভিনেত্ৰীগৰাকীক।

urfi

জানিব পৰা মতে, পুৱা কফি খাবলৈ এখন ৰেষ্টোৰেণ্ট লৈ ওলাই আহিছিল তেওঁ আৰু সেই সময়তে আৰক্ষীৰ এটা দলে নিজৰ জিম্মাত লয় অভিনেত্ৰীগৰাকীক।

উৰ্ফিয়ে তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰশ্ন কৰাত, এগৰাকী আৰক্ষী বিষয়াই কয় যে, "ইটনে চ'তে ক' পড়ে কৌন পেহেনকে ঘুমতা হে?"

urfi

উল্লেখযোগ্য যে, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ'টোৰ সত্যতাক লৈ বিমোৰত পৰিছে একাংশ ছ' চিয়েল মিডিয়া ব্যৱহাৰকাৰী। বহুতে এয়া এক ধেমালি বুলি উল্লেখ্য কৰিছে যদিও বৰ্তমানো সত্যতা কিন্তু প্ৰমাণ পোৱা নাই।

জানিব পৰা মতে, যোৱা মাহত বেন্দ্ৰা থানাত উৰ্ফিয়ে চুটি কাপোৰ পিন্ধাৰ বাবে অভিযোগ দাখিল কৰা হৈছিল। ইয়াৰ পিছতে অভিনেত্ৰীগৰাকী থানালৈ যোৱা পথ সুগম হৈছিল।

Category
Profile picture for user UB Photos