এতিয়াৰে পৰা সন্তানক টিউচনলৈ পঠাওঁতে সাৱধাৱ হওঁক! কিয়নো টিউচনলৈ মাতি আনি দশম শ্ৰেণীৰ ছাত্ৰক হত্যা, হত্যাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনিও............

Crime

বৰ্তমান সমাজ ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ বাবে টিউচন কৰাটো যেন অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়েহে আপোনাৰ সন্তানো হয়তো টিউচনলৈ যায়। টিউচনৰ বাবে এতিয়া সকলোতে ভৰি পৰিছে কোচিং চেণ্টাৰ। এনে এক কোচিং চেণ্টাৰতেই সংঘটিত হ’ল এক ভয়ংকৰ কাণ্ড। টিউচনলৈ গৈ ঘূৰি নাহিল ছাত্ৰ। গতিকে  সন্তানক টিউচনলৈ পঠিওৱাৰ আগত বহুবাৰ ভাবিবলৈ বাধ্য  হ'ব আপুনি।

উল্লেখ্য যে, টিউচন কৰা শিক্ষয়িত্ৰীৰ প্ৰেমিকে হত্যা কৰিলে দশম শ্ৰেণীৰ ছাত্ৰজনক। এটা এপাৰ্টমেণ্টত উদ্ধাৰ হ’ল ছাত্ৰজনৰ মৃতদেহ। এই নৃশংস হত্যাৰ কাৰণ জানিলে চকু কপালত উঠিব আপোনাৰো। এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্য। 

আনহতে, আৰক্ষীয়ে লাভ কৰা চিচিটিভিৰ ফুটেজত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ১৭ বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰজন টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু টিউচনৰ সময় পাৰ হৈ যোৱাৰ পাছতো উভতি নহাত চিন্তিত হ'ল অভিভাৱক। লাহে-লাহে চিন্তা বাঢ়িবলৈ ধৰিলে পৰিয়ালৰ লোকৰ। ছাত্ৰজনক বিচাৰি লাগিল হুৱাদুৱা। তাৰ পাছতে আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ লোক। 

উল্লেখ্য যে, ছাত্ৰজনৰ মুক্তিপণ বিচাৰি আহিল এখন পত্ৰ। অৱশ্যে এয়া কোনো অপহৰণকাণ্ড নাছিল। আৰক্ষীক ভুল পথেৰে নিবলৈ হত্যাকাৰীয়ে প্ৰেৰণ কৰিছিল উক্ত পত্ৰখন। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য। 

জানিব পৰা মতে, শিক্ষয়িত্ৰীগৰাকীয়ে মতা বুলি ছাত্ৰজনক ফোন কৰিছিল শিক্ষয়িত্ৰীগৰাকীৰ প্ৰেমিক প্ৰভাতে। তাৰ পাছত এটা কোঠালৈ লৈ যোৱা হৈছিল ছাত্ৰজনক। শিক্ষয়িত্ৰীগৰাকীৰ প্ৰেমিক প্ৰভাত আৰু তেওঁৰ বন্ধু অংকিতে হত্যা কৰে দশম শ্ৰেণীৰ ছাত্ৰজনক। 

সেই দশম শ্ৰেণীৰ ছাত্ৰজনক হত্যা কৰাৰ কাৰণ আছিল সন্দেহ। প্ৰভাতে সন্দেহ কৰিছিল শিক্ষয়িত্ৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰজনৰ। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে এই সমগ্ৰ তথ্য। এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত। কানপুৰ আৰক্ষীয়ে বৰ্তমানো তদন্ত অব্যহত ৰাখিছে। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ উত্তৰ প্ৰদেশ।

Category
Profile picture for user UB Photos