Kanpur

বৰ্তমান সমাজ ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ বাবে টিউচন কৰাটো যেন অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়েহে আপোনাৰ সন্তানো হয়তো টিউচনলৈ যায়। টিউচনৰ বাবে এতিয়া সকলোতে ভৰি পৰিছে কোচিং চেণ্টাৰ। এনে এক কোচিং চেণ্টাৰতেই সংঘটিত হ’ল এক ভয়ংকৰ কাণ্ড। টিউচনলৈ গৈ ঘূৰি নাহিল ছাত্ৰ। গতিকে  সন্তানক টিউচনলৈ পঠিওৱাৰ আগত বহুবাৰ ভাবিবলৈ বাধ্য  হ'ব আপুনি।

উল্লেখ্য যে, টিউচন কৰা শিক্ষয়িত্ৰীৰ প্ৰেমিকে হত্যা কৰিলে দশম শ্ৰেণীৰ ছাত্ৰজনক। এটা এপাৰ্টমেণ্টত উদ্ধাৰ হ’ল ছাত্ৰজনৰ মৃতদেহ। এই নৃশংস হত্যাৰ কাৰণ জানিলে চকু কপালত উঠিব আপোনাৰো। এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্য।