চাৰিওফালে কেৱল নিৰ্যাতন আৰু নিৰ্যাতন! এগৰাকী বোৱাৰীক কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা স্বামী পৰিয়ালৰ......

ghy

গুৱাহাটী মহানগৰীত প্ৰায় দৈনিক সংঘটিত হ'বলৈ ধৰিছে হিংসাত্মক ঘটনা। বিগত কেইবাদিনত বহু কেইটা মৃতদেহ উদ্ধাৰ হোৱা লগতে বিভিন্ন ধৰণৰ  নৃংশস ঘটনাৰ কথা পোহৰলৈ আহিছে। পুনৰ মহানগৰীত সংঘটিত হৈছে এক নিৰ্যাতনৰ ঘটনা। এইবাৰ বোৱাৰীক তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টাৰ স্বামী তথা শহুৰৰ পৰিয়ালৰ।

উল্লেখ্য যে, মহানগৰীৰ বাঘৰবড়ীৰ পুবেৰুণ পথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। জানিব পৰা মতে, এটা আঙুঠি চুৰিক লৈ এই জঘন্য ঘটনাটো সংঘটিত হয়। বোৱাৰীগৰাকীয়ে দিয়া ঘটনাৰ বিৱৰণ অনুসৰি, শাহুৱেকে বোৱাৰীয়েকৰ সোণৰ আঙুঠি চুৰি কৰিছিল। আৰু বোৱাৰীগৰাকীয়ে চুৰি হোৱা আঙুঠিটো ঘূৰাই বিচৰাত স্বামী হিৰক জ্যোতি পাঠকসহ পৰিয়ালৰ সকলোৱে বোৱাৰীগৰাকীক প্ৰহাৰ কৰে আৰু তেওঁৰ দেহত কেৰাচিন তেল ঢালি দিয়ে।

ghy

উল্লেখযোগ্য যে, তেল ঢলাৰ পিছত বোৱাৰীগৰাকীক জ্বলাই দিবলৈ দিয়াচলাই বিচাৰি থকা মূহুৰ্ততে বোৱাৰীগৰাকীয়ে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি এটা কোঠাত সোমাই দুৱাৰ বন্ধ কৰি দিয়ে। বন্ধ কোঠাৰ পৰাই বোৱাৰীগৰাকীয়ে সাতগাঁও আৰক্ষী চকীলৈ ফোন কৰে আৰু আৰক্ষীয়ে আহি বোৱাৰাগৰাকীক উদ্ধাৰ কৰে।

ghy3

আনহাতে, স্বামী হিৰক জ্যোতি পাঠক এজন জুৱাৰী বুলি জানিব পৰা গৈছে। এখন ৰিহাব চেন্টাৰৰ স্বত্তাধীকাৰী হিৰক জ্যোতি পাঠকে সুৰামত্ত হৈ ৰিহাব চেন্টাৰৰ ৰোগীসকলৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ তুলিছে বোৱাৰীগৰাকীৰ মাতৃয়ে। লগতে হিৰক জ্যোতি পাঠকৰ অন্য নাৰীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলিও অভিযোগ উত্থাপন কৰিছে মাতৃগৰাকীয়ে।

ghy

সম্প্ৰতি সমগ্ৰ ঘটলা সন্দৰ্ভত স্বামী হিৰক জ্যোতি পাঠকসহ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু ভুক্তভোগী বোৱাৰীগৰাকীয়ে।
 

Category
Profile picture for user UB Photos