প্ৰসংগঃ চানমাৰিৰ হত্যাকাণ্ডৰ সম্প্ৰতি নতুন মোৰ! কিন্নৰৰ বেশ ধৰি গুৱাহাটীত বসবাস কৰিছিল নিহত যুৱকজন......

k

চানমাৰিত বস্তাৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি নতুন মোৰ লৈছে। কিন্নৰৰ বেশ ধৰি গুৱাহাটীত বসবাস কৰা নিহত যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে। এই তদন্তৰ কালতেই জখলাবন্ধাৰ পৰা ৰাধা নামৰ এগৰাকী কিন্নৰক মহানগৰ আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰে। 

dead

আনহাতে, যুৱকজনৰ হত্যাকাণ্ডত  ৰাধা নামৰ কিন্নৰগৰাকী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে। এই হত্যাকাণ্ডৰ লগত তিনিগৰাকী কিন্নৰৰ নাম সাঙোৰ খাই পৰিছে। জখলাবন্ধাত গ্ৰেপ্তাৰ হোৱা ৰাধা নামৰ কিন্নৰগৰাকীৰ স্থায়ী ঠিকনা নগাঁৱৰ চলচলিত। কিন্তু তেওঁ জখলাবন্ধাৰ গৰুবন্ধাত অস্থায়ীভাৱে বসবাস কৰিছিল।

Category
Profile picture for user UB Photos