পুৱাৰ ভাগতে দুটাকৈ মৃতদেহ উদ্ধাৰ মহানগৰীত, ক'ত কেনেকৈ উদ্ধাৰ কৰা হৈছে? জানো আহক.....

Crime

প্ৰথমে মহানগৰীৰ উজান বজাৰত এখন অটোৰ ভিতৰত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ। উজান বজাৰৰ শিৱৰাম পথত উদ্ধাৰ এই মৃতদেহটো। মৃত যুৱকজনৰ নাম ৰূপম দাস বুলি জানিব পৰা গৈছে। ৰূপমৰ ঘৰ খাৰঘুলি বেলতলত। 

uzan

জানিব পৰা মতে, ড্ৰাগছ আসক্ত ৰূপ দাস ৰিহেব চেণ্টাৰত আছিল। ৬ মাহ পূৰ্বে ৰিহেব চেণ্টাৰত ৰাখিছিল পৰিয়ালে। পূজাত মাতৃয়ে ঘৰলৈ আনিছিল ৰূপমক। বৃহস্পতিবাৰে বিয়লি ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিল ৰূপম। আজি এখন অটোত উদ্ধাৰ হয় ৰূপমৰ মৃতদেহ। এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।


আনটো মৃতদেহ উদ্ধাৰ হয় চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সন্মুখত। মৃতদেহটো উদ্ধাৰৰ পিছতে অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি প্ৰথম অৱস্থাত  চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সন্মুখত স্থানীয় লোকে এটা তেজ লগা বস্তা প্ৰত্যক্ষ কৰে। তাৰ পাছতে স্থানীয় লোকে চানমাৰি আৰক্ষীক খবৰ দিয়ে, আৰক্ষীয়ে খবৰ পায় ঘটনাস্থলীত উপস্থিত হয়।

chanmari

আনহাতে, চানমাৰি আৰক্ষীয়ে এইবাৰ ফ'ৰেনচিক আৰু CID ৰ দলক মতাই পঠায়। ঘটনাস্থলীত ফৰেনচিক-CID ৰ দল উপস্থিত হোৱাৰ পিছতে বস্তা খুলে আৰক্ষীয়ে আৰু তাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। বৰ্তমানলৈ কিন্তু মৃতদেহটো চিনাক্ত কৰিব পৰা নাই চানমাৰি আৰক্ষীয়ে।

Category
Profile picture for user UB Photos