আকৌ হত্যা! নিজ পত্নী আৰু কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা......

murder

বৰপেটা চহৰৰ গান্ধী নগৰত আজি সন্ধিয়া সংঘটিত হোৱা এক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিজ পত্নী আৰু কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে এজন পিতৃয়ে। এই বাতৰি বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত কেইবাশ লোকে ভিৰ কৰে ৷

উল্লেখ্য যে, বৰপেটাৰ গান্ধী নগৰত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডত পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাস নিহত হয় ৷ স্বামী ঋষভ দাসে অতি নৃশংভাৱে ঘপিয়াই ঘপিয়াই হত্যা কৰে পত্নী বিনীতা আৰু কন্যা হিয়া দাসক ৷

murder

ইতিমধ্যে ঘটনাস্থলীত বৰপেটা সদৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী ঋষভ দাসক কৰায়ত্ব কৰে ৷ লগতে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

পাৰিবাৰিক সংঘাতৰ বাবেই ঘটনাতো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে, প্ৰায় ৮ বছৰ পূৰ্বে নিজ ভনীয়েক এগৰাকীকো দাৰে আক্ৰমণ কৰি হাতৰ কেবাটাও আঙুলি চেদ কৰিছিল অভিযুক্ত ঋষভ দাসে ৷ মনোহাৰী মালৰ ব্যৱসায়ী ঋষভ দাসৰ এনে অমানুষিক কাণ্ডত অঞ্চলবাসী মৰ্মাহত হৈছে আৰু হত্যাকাৰীক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ৷

Category
Profile picture for user UB Photos