অঞ্জন নাথৰ হত্যাকাণ্ড ন-ন তথ্য; ঘনে ঘনে সলনি হৈছে দৃশ্যপট! পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰা হ’ল নেকি অঞ্জনক।

ghy murder

খানাপাৰাত গুলীয়াই হত্যা যুৱকক
ঘনে ঘনে সলনি হৈছে দৃশ্যপট
পত্নী গীতাশ্ৰী সিঙৰ বিস্ফোৰক মন্তব্য
ড্ৰাগছৰ বেহাৰ অঞ্জন জড়িত থকাৰ অভিযোগ পত্নীৰ
সুৰাৰ ৰাগিত মাতাল হৈ পত্নীক কৰিছিল মাৰধৰ
অঞ্জনৰ বন্ধুৱে হত্যা কৰাৰ সন্দেহ পত্নী গীতাশ্ৰীৰ
মহানগৰ আৰক্ষী, ক্ৰাইম ব্ৰাঞ্চৰ অভিযান অব্যাহত
শীঘ্ৰেই দোষীক কৰায়ত্ত কৰাৰ আশ্বাস DGPৰ
অঞ্জন নাথৰ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু
বশিষ্ঠ থানাত গোচৰ ৰুজু অঞ্জনৰ পৰিয়ালৰ
চুপাৰি কিলাৰৰ সহায়ত হত্যা কৰাৰ অভিযোগ


বৃহস্পতিবাৰে নিশা দিছপুৰত ক্ৰাইম ৰিভিউ বৈঠক চলি থকাৰ সময়তে খানাপাৰাত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাই জোকাৰিছে মহানগৰ। শূন্য দূৰত্বৰ পৰা বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই অঞ্জন নাথ নামৰ যুৱকজনক গুলীয়াই হত্যা কৰে। ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় CP দিগন্ত বৰাৰ লগতে DGP জি পি সিং। ঘটনাস্থলী তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য গ্ৰহণৰ পিছত শীঘ্ৰেই দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰিব বুলি দাবী কৰে DGP জি পি সিঙে। ইফালে, মৃত অঞ্জনৰ পৰিয়ালে অনা অভিযোগে নতুন গতি দিছে এই ঘটনাৰ। পৰিয়ালৰ সন্মতি নোহোৱাকৈ বিবাহপাশত আবদ্ধ হৈছিল অঞ্জন। অঞ্জনৰ পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ। পৰিয়ালৰ অভিযোগৰ পিছতেই নিশাই অঞ্জনৰ পত্নীক সোধা–পোছা বশিষ্ঠ আৰক্ষীৰ। পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰা হ’ল নেকি অঞ্জনক তাকে লৈ সৃষ্টি হৈছে ৰহস্য। 
 

Category
Profile picture for user UB Photos