সমাগত শাৰদীয় দুৰ্গোৎসৱ, পূজা কমিটীলৈ কি কি গাইডলাইন জাৰি কৰিলে জিলা প্ৰশাসনে? কি কি নিয়ম মানি চলিব লাগিব আপুনি?

maa

সমাগত শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গাপূজাক লৈ মহানগৰ আৰক্ষী আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক। জিলা পুথিভঁৰালত অনুষ্ঠিত এই বৈঠকত পূজা কমিটীৰ বিষয়ববীয়াৰে মিলিত হয় আৰক্ষী আয়ুক্ত দিগন্ত বৰা। তদুপৰি বৈঠকত উপস্থিত থাকে প্রশাসনৰ কেইবাজনো বিষয়া। বৈঠকতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বিষয়াসকলে।

উল্লেখ্য যে, পূজা কমিটীলৈ গাইডলাইন জাৰি কৰিলে জিলা প্ৰশাসনে। পদপথ-উপপথ বন্ধ কৰি পাতিব নোৱাৰিব দুৰ্গা পূজা। আনহাতে সেই  স্থানত পূজা পাতিবলৈ ল’ব লাগিব স্থানীয় থানাৰ অনুমতি। নিশা ১০ বজাৰ পিছত বজাব নোৱাৰিব উচ্চপ্ৰাৱল্যত গান। নিয়ম ভাঙিলেই ভৰিব লাগিব জৰিমনা।

MAA

আনহাতে, পূজা মণ্ডপত বাধ্যতামূলক হ’ব CCTV । লগতে APDCLৰ অনুমতি নোলোৱাৰৈ কৰিব নোৱাৰিব লাইটিং।

তদুপৰি, জাবৰ নিষ্কাশনৰ ব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত। পূজা কমিটীৰ সভাপতি, সম্পাদকৰ নাম ওলমাই ৰাখিব লাগিব ৰাজহুৱাকৈ। সাংস্কৃতিক অনুষ্ঠানৰ বাবে আগতীয়াকৈ ল’ব লাগিব আৰক্ষীৰ অনুমতি। প্লাষ্টিকৰ সামগ্ৰীৰে প্ৰস্তুত কৰা মূৰ্তি নোৱাৰিব ব্যৱহাৰ কৰিব। পূজা কমিটীলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ গাইডলাইন। লগতে বিসৰ্জনৰ পিছত ৰৈ যোৱা সামগ্ৰী কৰিব লাগিব নিষ্কাশন, পূজাত ব্যৱহাৰ কৰিব লাগিব মাটিৰ কলহ, প্লাষ্টিকৰ ফুল ব্যৱহাৰ নকৰাৰ আহ্বান পূজা কমিটীক, আনহীতে, প্ৰতিমাৰ তলৰ অংশত ব্যৱহাৰ কৰিব নোৱাৰিব থাৰ্মকল, প্লাষ্টিক।

maa

উল্লেখযোগ্য যে, বিসৰ্জনৰ পিছত প্ৰতিটো ঘাটৰ গুণমান পৰীক্ষা কৰিব প্ৰদূষণ ব’ৰ্ডে। আনহাতে, মহানগৰীৰ ৬টা স্থানত হ’ব প্ৰতিমা বিসৰ্জন। যেনে চূনচালি, পাণ্ডু, বশিষ্ঠ, সোণাপুৰ, ডিমৰীয়া কাছমাৰীঘাটতো হ’ব প্ৰতিমা বিসৰ্জন। লগতে পঞ্চায়ত এৰিয়াৰ পূজা সমিতিৰ জৰিমণা হ'ব ৩ হাজাৰ টকা, পৌৰ এলেকাৰ জৰিমণা হ'ব ৫ হাজাৰ টকা।

Category
Profile picture for user UB Photos