কন্যা মানসিক বিকাৰগ্ৰস্ত, আনহাতে ২ পুত্ৰ বিদেশত কৰ্মৰত; তাৰপাছতো খাদ্যৰ অভাৱত উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী মাতৃৰ মৃতদেহ......

Jorhat

যোৰহাটত পুনৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এটা ঘৰৰ ভিতৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। যোৰহাট বাহনা ধৌৱাপুখুৰী গাঁৱৰ এটা বাসগৃহত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
শৰীৰটো সম্পূৰ্ণ উৱঁলি যোৱা অৱস্থাত বিচনাত উদ্ধাৰ।

উল্লেখ্য যে, মৃত মহিলাগৰাকীৰ নাম অনুপমা দত্ত বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত মহিলাগৰাকীৰ বয়স আছিল ৭৫ বছৰ। জানিব পৰা মতে, মানসিক বিকাৰগ্ৰস্ত কন্যাৰ সৈতে বাস কৰিছিল বৃদ্ধ মাতৃ।

jorhat

আনহাতে, স্থানীয় লোকৰ ভায্য অনুসৰি, অনুপমা দত্তৰ দুই পুত্ৰ কৰ্মৰসূত্ৰে বিদেশত বাস কৰে। জ্যেষ্ঠ পুত্ৰ কৰ্মৰত নিউয়ৰ্কত আনহাতে সৰু পুত্ৰ কৰ্মৰত গেংটকত। 

উল্লেখ্য যে, মাতৃৰ খাদ্য যোগানৰ বাবে এখন হোটেলত বন্দৱস্ত কৰিছিল পুত্ৰই। কিন্তু হোটেল কৰ্তৃপক্ষক এমাহ ধৰি ধন আদায় নকৰাৰ বাবে প্ৰায় এমাহে খাদ্য যোগান নধৰাত অনাহাৰে আছিল মাতৃ। অনাহাৰে থকাৰ ফলতেই মৃত্যুক সাৱটে মাতৃয়ে। আনফালে, মাতৃৰ মৃত্যুৰ কথা গমেই পোৱা নাছিল মানসিক বিকাৰগ্ৰস্ত কন্যাই।

jorhat

এই ঘটনাটোৱে এতিয়া সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী জন্মদাত্ৰী মাতৃক তিলমানো গুৰুত্ব  নিদিয়াৰ ফলত এনেদৰে মৃত্যু মুখত পৰিব লগা হ'ল বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Category
Profile picture for user UB Photos