জেবিএফে (জাষ্ট বি ফ্ৰেণ্ডলী), গুৱাহাটী পৌৰ নিগমৰ সহযোগত বিশ্ব জলাতঙ্ক দিৱস উপলক্ষে গুৱাহাটীৰ দিঘালীপুখুৰীৰ ওচৰত সজাগতা অভিযানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে জলাতঙ্ক প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু বিশ্ব জলাতঙ্ক দিৱসৰ মূলমন্ত্ৰ All for one, one health for all ধাৰণাটো প্ৰচাৰ কৰা।
জেবিএফৰ দ্বাৰা আয়োজিত কৰা সজাগতা অভিযানত বিভিন্ন কাৰ্যকলাপ হাতত লোৱা হৈছিল, তাৰে ভিতৰত – এজন এজনক লৈ সজাগতা অভিযান, প্লেকাৰ্ড লৈ জনসজাগতা, সৰু সমাৱেশৰ সৈতে বৈঠক, মেকুৰী আৰু কুকুৰৰ বাবে বিনামূলীয়া জলাতঙ্ক প্ৰতিৰোধী টিকাকৰণ, বিনামূলীয়া জলাতঙ্ক প্ৰতিৰোধী টিকাকৰণ কুপন বিতৰণ, সজাগতাৰ বাবে মিডিয়াৰ সৈতে বাৰ্তালাপ, জিএমচিৰ দ্বাৰা চলি থকা পশু জন্ম নিয়ন্ত্ৰণ – জলাতংক বিৰোধী টীকাকৰণৰ কাৰ্যকলাপৰ আভাস দিবৰ বাবে সাধাৰণ ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে সাক্ষাৎকাৰৰ লগতে পশু চিকিৎসা ক্লিনিক আৰু পোহনীয়া জন্তুৰ দোকানত জলাতঙ্ক সজাগতা পোষ্টাৰ বিতৰণ কৰে।
আজিৰ সজাগতা অনুষ্ঠানত বিভিন্ন কাৰ্যকলাপ পৰিচালনা কৰা হৈছিল য’ত ৫০ৰো অধিক স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছিল। গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিষয়া ড০ কৈলাশ চন্দ্ৰ চামুৱাই জলাতংক ৰোগৰ বিষয়বস্তু আৰু ৰোগটোৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য স্বেচ্ছাসেৱক আৰু সমবেত জনতা উদ্দেশ্যি ব্যক্ত কৰে। তাৰ পিছত স্বেচ্ছাসেৱকসকলে সজাগতা পৰিচালনা কৰিবলৈ অঞ্চলটোৰ চাৰিওফালে সিঁচৰতি হৈ পৰে। এই পদক্ষেপে জলাতঙ্ক প্ৰতিৰোধৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰচাৰ কৰা, জলাতঙ্ক ৰোগৰ লক্ষণৰ লগতে লক্ষণবোৰ চিনাক্ত কৰা, আৰু সময়মতে চিকিৎসা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিব।
ইয়াৰ উপৰিও জেবিএফে লখিমপুৰ, যোৰহাট, গুৱাহাটী, মেঘালয় আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য অংশত বিভিন্ন সজাগতা অভিযান আৰু বিনামূলীয়া জলাতঙ্ক প্ৰতিৰোধী টিকাকৰণ প্ৰদান কৰিব। সজাগতা সভা অন্তত সকলোৱে সভা অনুষ্ঠিত কৰা অঞ্চলটো ছাফাই কৰি অনুষ্ঠানটো সামৰণি কৰে।
- Log in to post comments