
বিগত ২ দিন ধৰি ৰাজ্যত অব্যাহত আছে বৰষুণ। তেনেসময়তে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বতৰক লৈ জাৰি কৰিছে সতৰ্কতা। অহা ২৪ ছেপ্টেম্বৰলৈ অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে। ৰাজ্যৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত জাৰি কৰিছে হালধীয়া সংকেত।
উল্লেখ্য যে, বে’ অফ বেংগল সাগৰপৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ প্ৰভাৱৰ ফলত উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত আগন্তুক বৃদ্ধি পাব বৰষুণৰ হাৰ। আজি অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ উপৰি কিছু কিছু ঠাইত বিজুলী–ঢেৰেকনিৰ লগত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।
ঠিক তেনেদৰেই অহা ২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰলৈ ৰাজ্যৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ উপৰি বিজুলী–ঢেৰেকনিৰ সৈতে প্ৰবল বৃষ্টিপাত হোৱাৰ আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে।
আনহাতে, অসমৰ বৰপেটা, নলবাৰী, বাক্সা, ধুবুৰী, বঙাইগাঁৱত ২৪ ছেপ্টেম্বৰলৈ ধাৰাসাৰ বৰষুণ, বিজুলী ঢেৰেকনিৰ লগতে আন জিলাসমূহতো কম–বেছি বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
- Log in to post comments