প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা! এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা; গ্ৰেপ্তাৰ ৪ জন......

Rape Case

ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এইবাৰ ডিব্ৰুগড়ৰ বাণীপুৰৰ ঢেকেৰি গাঁৱত এগৰাকী যুৱতীক ধৰ্ষণ কৰি পৰিকল্পিত হত্যাৰ অভিযোগ। কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, দেওবাৰে নিশা চিপ লৈ থকা অৱস্থাত যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। তাৰ পাছতে অঞ্চলটোত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে গঁঞা ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে AMCH লৈ প্ৰেৰণ কৰে। 

rape

উল্লেখ্য যে, কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘৰটোত যোৱা নিশা একাংশ যুৱকে পাৰ্টি কৰিছিল। সেই পাৰ্টিত যুৱক সকলে মদ, ভাং আদি খাই এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত সেই পাৰ্টিত থকা ৪ জন যুৱকক আটক কৰি সোধ পোচ কৰে।

সন্দেহ কৰা হৈছে যে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ পাছত হত্যা কৰি মৃতদেহ ওলোমাই ৰাখিছিল। এই ঘটনাৰ লগত আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব এই ৰহস্যজনক ঘটনাৰ।

Category
Profile picture for user UB Photos