প্ৰসংগঃ গুৱাহাটীত ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ড: অনলাইন গেমৰ জৰিয়তে নীতিশৰ চিনাকি অভিষেকৰ সৈতে, তাৰ পিছত...

Ghy Murder

ইতিমধ্যেই আৰক্ষীৰ তদন্তত নীতিশ কুমাৰৰ অপহৰণ-হত্যাৰ ন ন তথ্য পোহৰলৈ আহিছে। অনলাইন গেম যোগে অভিযুক্ত অভিষেকৰ সৈতে চিনাকি হৈছিল নীতিশ কুমাৰৰ।

Ghy Murder

উল্লেখ্য যে, ২০১৯ চনৰ পৰা FREE FIRE গেমৰ জৰিয়তে দুয়ো হৈছিল চিনাকি হৈছি । পূৰ্বেও বহুবাৰ দুয়ো একেলগে ফুৰিবলৈ গৈছিল। পৰিয়ালৰ লোকৰ ভায্য অনুসৰি প্ৰায়ে নীতিশ আৰু অভিষেক বাহিৰলৈ ফুৰিবলৈ গৈছিল। 

Ghy Murder

অভিষেকৰ দাবী, নীতিশে টকা লৈছিল তেওঁৰ পৰা। ২ লাখ ৭ হাজাৰ টকা লোৱাৰ দাবী অভিষেকৰ। ধনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত অভিষেক বৰুৱাক। অভিষেকৰ ঘৰ বোন্দাত বুলি জনাইছে আৰক্ষীয়ে। নাৰেংগীত ফুটপাথত দোকান আছিল অভিষেকৰ। বুধবাৰে নীতিশক ঘৰৰ সন্মুখৰ পৰাই লৈ গৈছিল অভিষেকে। আৰু বিয়লিৰ ভাগত বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত উদ্ধাৰ হয় নীতিশৰ মৃতদেহ।

Ghy Murder

উল্লেখযোগ্য যে, বৰসজাই মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নিদেশ কুমাৰৰ ঘৰ বেলতলাৰ বনগাঁৱত। নীতিশক স্কুটাৰত উঠাই বোন্দালৈ নিছিল অভিষেকে। তাৰ পিছতে নীতিশৰ পৰিয়ালক দাবী কৰিছিল ৭ লাখ টকা। এই সন্দৰ্ভত নিদেশৰ পিতৃ ৰাজেশ কুমাৰে দাখিল কৰিছিল এজাহাৰ। বুধবাৰে দুপৰীয়া উদ্ধাৰ হৈছিল নিদেশৰ মৃতদেহ। হত্যা কৰি জংঘলত পেলাই দিছিল মৃতদেহ। মৃতদেহৰ ওপৰত জাপি দিয়া হৈছিল গছৰ পাত।

Category
Profile picture for user UB Photos