মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ডঃ দশম শ্রেণীৰ ছাত্রক অপহৰণ কৰি হত্যা দুৰ্বৃত্তৰ........

Ghy Murder

গুৱাহাটী মহানগৰীত পুনৰ দশম শ্ৰেণীৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ড। মঙলবাৰে কোনো দুৰ্বৃত্তই ভেটাপাৰাৰ মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্রেণীৰ ছাত্র নীতিশ কুমাৰক অপহৰণ কৰাৰ ঘটনা সংঘটিত হৈছিল। ছাত্রজনৰ মুক্তিপণ হিচাপে ৭ লাখ টকা দাবী কৰিছিল দুৰ্বৃত্তই। কিন্তু বুধবাৰে উদ্ধাৰ হয় কিশোৰজনৰ মৃতদেহ। 

উল্লেখ্য যে, বোন্দাত এজন পূজাৰীয়ে ছাত্ৰগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। তাৰপাছতেই পোহৰলৈ আহে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ কথা। ধনৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

নীতিশ কুমাৰ এটি মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। তেওঁৰ পিতৃ এটা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী।

Ghy Murder

ঘটনাৰ বিৱৰণী অনুসৰি অভিযুক্তগৰাকী নীতিশৰ পৰিয়ালৰ চিনাকী। অপহৰণ কাণ্ড সংঘটিত হোৱাৰ দিনা স্কুললৈ যোৱাৰ পৰিৱৰ্তে ছাত্ৰগৰাকী অভিযুক্ত অভিষেশ বৰুৱাৰ লগত স্কুটাৰত বোন্দালৈ গৈছিল। তাতেই এটা ঠাইত স্কুটাৰ ৰাখি দুয়ো হাবিৰ ভিতৰলৈ সোমাই গৈছিল। আৰু সেই ঠাইতে ছাত্ৰগৰাকীৰ ডিঙি কাটি হত্যা কৰে অভিযুক্ত অভিষেশ বৰুৱাই। ছাত্ৰগৰাকীৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট।

Ghy Murder

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে ছাত্ৰ নীতিশ কুমাৰে অভিযুক্ত অভিষেশ বৰুৱাৰ পৰা কেইবালাখ টকাও ঋণ লৈছিল। কিন্তু কিয় ঋণ লৈছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই। হত্যাৰ অভিযোগ উত্থাপন হোৱা অভিষেশ বৰুৱা এগৰাকী পদপথৰ দোকানী। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত অভিষেশ বৰুৱাক। 

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই তদন্তত ন ন তথ্য পোহৰলৈ আহিছে। দশম শ্ৰেণীৰ ছাত্ৰ জনক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা ঘটনাই প্ৰতিজন লোকৰ মন–মগজু জোকাৰি গৈছে। 

Ghy Murder

শেহতীয়া তথ্য অনুসৰি, চুৰীৰে নহয়, দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হৈছিল ছাত্ৰ নীতিশ কুমাৰক। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা। যিখন স্কুটীৰে অভিষেকে নীতিশক লৈ গৈছিল সেই স্কুটীখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। অভিষেকৰ সৈতে যোৱাৰ সময়ত নীতিশে বেগত লৈ গৈছিল কাপোৰ। লগতে যিটো ফোনেৰে ধনদাবী কৰা হৈছিল সেই ফোনটোও জব্দ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, অভিষেকৰ পৰা ৯০ হাজাৰ টকা লৈছিল নীতিশে। আৰু সেই টকা হাৰ্দিক চেতিয়া নামৰ এজনক দিছিল নীতিশে। কিন্তু হাৰ্দিকে টকাখিনি লোৱা নাই বুলি প্ৰকাশ কৰিছে। ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে হাৰ্দিকক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে। এখন মটৰ পাৰ্টছৰ দোকানত কাম কৰে হাৰ্দিকে।

এতিয়া সকলোৰে মনত কেৱল এটাই প্ৰশ্ন; কি কাৰণে প্ৰত্যেক দিনাই মহানগৰীত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা? ইয়াৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰ তথা আৰক্ষী প্ৰশাসনে?
 

Category
Profile picture for user UB Photos