অসমৰ কাৰ্বি আংলঙ জিলাৰ এখন সৰু চহৰ বুকাজানৰ ৯ বছৰীয়া কণ্যা বিনিতা ছেত্ৰীয়ে ব্ৰিটেইনৰ গট টেলেণ্ট (BGT) ২০২৫ চনৰ গ্ৰেণ্ড ফিনেলত দ্বিতীয় ৰানাৰ-আপ হোৱাৰ গৌৰৱ অর্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰিসৰত গোৰ্খা তথা ভাৰতীয় উপমহাদেশৰ প্ৰতিনিধিত্ব কৰি এক ঐতিহাসিক কৃতিত্ব অর্জন কৰিছে। ৩১ মে, ২০২৫ তাৰিখে অনুষ্ঠিত এই বিশ্বখ্যাত ৰিয়েলিটী শ্ব’ৰ ফাইনেলত অংশগ্ৰহণ কৰা বিনিতা, ভাৰতৰ পৰা ফাইনেলত স্থান লাভ কৰা প্ৰথম প্ৰতিযোগী হিচাপে ইতিহাসত স্থান লাভ কৰিছে।
এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ব্ৰিটিছ যাদুকৰ হেৰী মোল্ডিং আৰু দ্বিতীয় স্থান লাভ কৰে এলইডি ডান্স গোট ‘দ্য ব্লেকআউটছ’।