প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভূমি দখল;আৰক্ষীক আক্ৰমণ ভূ-মাফিয়াৰ

guwahati news

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভূমি দখল।গুৱাহাটীত থকা ২৮ বিঘা ভূমি বেদখলৰ অভিযোগ। তদন্তৰ বাবে যোৱা আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ বেদখলকাৰীৰ।

প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই বেদখল সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ পিছতেই তদন্তৰ বাবে গৈছিল আৰক্ষীৰ দল। আৰক্ষী উপস্থিত হোৱাৰ পিছতেই হাতে হাতে চোকা অস্ত্ৰ লৈ আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ। আক্ৰমণত আহত হয় দুই আৰক্ষী। আহত আৰক্ষী বিষয়া দুজন SI চনুদেৱ বৰ্মন আৰু গৃহৰক্ষী আব্দুল কৰিম বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতেই ভূমি দখলত জড়িত ৮ ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৮ অভিযুক্তক। গ্ৰেপ্তাৰ হৈছে আখতাৰ হুছেইন, নুৰজামাল মিঞা, মনোৱাৰ আলী, ইমদাদুল চৌধুৰী, মিৰজান আলী, মজিবুৰ হৰমান, অজয় আলী আৰু মিৰাজুল আলী। ঘটনা সন্দৰ্ভত কেইবাটাও ধাৰাৰ অধীনত 172/26 নম্বৰৰ ৰুজু কৰা হৈছে গোচৰ।

Category