অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বিশিষ্ট সংগীত শিল্পী তথা অসমৰ প্ৰবীণ শব্দযন্ত্ৰী ভূপেন উজীৰে। মঙলবাৰে নিশা প্রায় ১০ বজাত বিশিষ্ট শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ৭০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। যোৱা ১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰবীণ শিল্পীগৰাকী।