Raas Festival

সমগ্ৰ ৰাজ্যতে বৰপেটাৰ হাউলী ৰাস মহোৎসৱ অতিকৈ জনপ্ৰিয়। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাস মহোৎসৱ ১০–১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। হাউলীৰ ৰাসত মূৰ্তি প্ৰদৰ্শনীৰ উপৰিও এই মহোৎসৱত আয়োজন কৰা লটাৰি প্ৰতিযোগিতা অতি বিখ্যাত। উপহাৰ কুপনৰ খেলখনে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰে। 

উল্লেখ্য যে, এইবাৰ হাউলী ৰাস মহোৎসৱত আয়োজন কৰা লটাৰি প্ৰতিযোগিতাত ৭৬ লাখ টকীয়া ৰেঞ্জ ৰ’ভাৰৰ গৰাকী হ’ল এজন দৰিদ্ৰ যুৱক। মাত্ৰ ১০০ টকা ব্যয় কৰি হাউলীৰ উত্তৰ কালঝাৰৰ বাসিন্দা ইঞ্জামামূল হকে লাভ কৰিলে এখন ৰেঞ্জ ৰ’ভাৰ। জানিব পৰা মতে, ইঞ্জামামূল হক পেছাত এগৰাকী ট্ৰেক্টৰ চালক।