Action Moodত আৰক্ষী-প্ৰশাসন; বঙাইগাঁও জিলাত আৰক্ষী-প্ৰশাসন ব্যাপক তালাচী অভিযান

kaziranga

কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে কঠোৰ আৰক্ষী-প্ৰশাসন! নিশা ১২ বজাত বইটামাৰীত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ তালাচী অভিযান।

কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে ৰাজ্যজুৰি পথ সুৰক্ষাক লৈ তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতে বঙাইগাঁও জিলাতো আৰম্ভ হৈছে ব্যাপক তালাচী অভিযান।

বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত লক্ষী নন্দন চহৰীয়া আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মহাত্তাৰ উপস্থিতিত আৰক্ষী আৰু পৰিবহণ বিভাগৰ বৃহৎ দলে নিশা প্ৰায় ১২ বজাত চলায় এই আকস্মিক তালাচী অভিযান।

বইটামাৰী আৰক্ষী চকীৰ সমীপৱৰ্তী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা হয় এই অভিযান।

পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে যান-বাহন আইন উলংঘা কৰা চালকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এই অভিযান চলোৱা হয়।

অভিযানৰ সময়ত বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ, চালকৰ অনুজ্ঞাপত্ৰ, হেলমেট পৰিধান, ছিটবেল্ট ব্যৱহাৰকে ধৰি বিভিন্ন দিশ পৰীক্ষা কৰা হয়।

বিশেষকৈ বাহন চলোৱাৰ সময়ত মদ্যপান, অত্যাধিক গতিবেগ আৰু যান-বাহন আইন উলংঘাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰে আৰক্ষী-প্ৰশাসনে।

পথ সুৰক্ষা নিশ্চিত কৰাৰ লগতে দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে প্ৰশাসনৰ এই নিশাজোৰা অভিযান।


 

Category