১০০ টকাত লাভ কৰক ৭৬ লাখ টকীয়া বাহন! কিন্তু কেনেকৈ? সবিশেষ জানো আহক..........

rash

সমাগত ৰাস পূৰ্ণিমা! ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালন কৰা হয়। লগতে নামনি অসমৰ হাউলীত ৰাজ্যৰ ভিতৰতে আটাইতকৈ ডাঙৰ কৈ ৰাস মহোৎসৱ পালন কৰা হয়। অন্যবাৰৰ দৰে এইবাৰো হাউলীত ৰাস মহোৎসৱৰ লগতে লটাৰী খেল অনুষ্ঠিত কৰা হৈছে।

এই বাৰ ১০০ টকাত লাভ কৰিব পাৰে ৭৬ লাখ টকীয়া বাহন। ইয়াৰ লগতে এই খেলত আগবঢ়োৱা হৈছে ২১খনকৈ বিলাসী বাহন। হাউলীত যেন এতিয়া ৰাস মহোৎসৱৰ উপহাৰ কূপনৰ চমক।

১০০ টকাত ৭৬ লাখ টকীয়া বিলাসী বাহন RANGE ROVER। মাত্র ১০০ টকাত FORTUNER, SCORPIO, SCODA বাহন উপলব্ধ হৈছে। শুনিবলৈ আচৰিত যেন লাগিলেও এইয়াই সঁচা। হাউলী ৰাস-মহোৎসৱৰ উপহাৰ কুপণ খেলৰ পুৰস্কাৰ সমূহে দৃষ্টি কাঢ়িছে সৰ্বসাধাৰণ ৰাইজৰ। 

প্ৰতি বছৰে আয়োজন কৰা হাউলী ৰাস মহোৎসৱৰ উপহাৰ কূপনৰ খেলৰ পুৰস্কাৰক লৈ ইতিমধ্যে ৰাজ্যজুৰি আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। এইবাৰ প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছে ৭৬ লাখ টকীয়া বিলাসী বাহন। এইবেলিৰ উপহাৰ কূপনত লগতে আগবঢ়োৱা হৈছে আন ২১খনকৈ চাৰি চকীয়া বাহন। উপহাৰ কূপন বিচাৰি হাউলী চহৰত ভিৰ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে।

উল্লেখ্য যে, প্ৰথম পুৰস্কাৰ হিচাপে RANGE ROVER বিলাসী বাহন খন প্ৰদান কৰা হ'ব। লগতে উপহাৰ কূপনত আছে ফ’ৰ্ছুনাৰ, স্ক’ৰপিঅ’, স্ক’ডা আদি বাহন। হাউলীত এতিয়া টিক বিচাৰি সহস্ৰাধিকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে।
 

Category
Profile picture for user UB Photos