চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান আৰু ন্যায্য অধিকাৰ প্ৰদানৰ দাবীত আজি ডিব্ৰুগড়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় জিলা পৰ্যায়ৰ ধৰ্ণা কাৰ্যসূচী। ভূমিৰ পট্টা প্ৰদান, দৈনিক মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত উত্তাল হৈ পৰে প্ৰতিবাদস্থলী।
চাহ জনগোষ্ঠীৰ তিনিটা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে। ডিব্ৰুগড়, বৰবৰুৱা, লাহোৱাল, মৰাণ, বাজগড়, টেঙাখাত, দুলীয়াজান, চাবুৱা আৰু নাহৰকটীয়া শাখা সমিতিসমূহৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী।
প্ৰতিবাদকাৰীসকলৰ প্ৰথমটো দাবী হৈছে চাহ শ্ৰমিকসকলক অতি শীঘ্ৰে ভূমিৰ পট্টা প্ৰদান কৰা। দ্বিতীয়তে, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ১৯৪৮ চনৰ আইন অনুসৰি বৃদ্ধি কৰাৰ দাবী জনায়। ইয়াৰ লগতে চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।
হাতে হাতে দাবী-সম্বলিত প্লে’কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি নিজৰ ক্ষোভ প্ৰকাশ কৰে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা এই দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৱে।
চাহ জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, শ্ৰমিকৰ ন্যায্য মজুৰি আৰু জনজাতিকৰণৰ দাবীত আটছাই গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীয়ে পুনৰবাৰ জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰ্চালৈ আনিছে
- Log in to post comments