Daily Life

নাভি আমাৰ শৰীৰৰ অন্যতম অংগ। শৰীৰৰ আন যিকোনো অংশৰ দৰে নাভিৰ যত্ন লোৱাটো প্ৰয়োজন।

চিকিৎসকৰ মতে, বেছিভাগ মলি মানুহৰ শৰীৰৰ নাভিত জমা হয়। গতিকে, নাভিটো নিয়মিতভাৱে পৰিষ্কাৰ নকৰিলে মলি জমা হোৱাৰ ফলত শৰীৰৰ অৱনতি ঘটিব পাৰে।

বিশেষজ্ঞসকলৰ মতে, নিয়মিতভাৱে তেলেৰে নাভি পৰিষ্কাৰ কৰিলে পেটৰ বাবে উপকাৰী। কেৱল সেয়াই নহয়, ছালখনো জিলিকি উঠে।

নিয়মিতভাৱে নাভিত সৰিয়হৰ তেল প্ৰয়োগ কৰিলে পেটৰ বিষৰ সমস্যা দূৰ হয়। লেতেৰাবোৰ পৰিষ্কাৰ হৈ পৰে।

প্ৰতিদিনে নাভিত সৰিয়হৰ তেল প্ৰয়োগ কৰিলে ছালৰ স্থিতিস্থাপকতা পুনৰ ঘূৰি আহে। শৰীৰটোও সতেজ হৈ পৰিব।