মোবাইল ফোন চাৰ্জত দিয়াৰ সময়ত কেতিয়াও নকৰিব এইকেইটা ভূল?....

mobile

গৰমৰ দিনত মোবাইল ফোন চাৰ্জত দিয়া সময়ত বহুক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। যিহেতু গৰমৰ দিনত বাহিৰৰ তাপমান বৃদ্ধি হৈ থাকে আৰু মোবাইল ফোনটো চাৰ্জ দিলে বেটেৰীটো গৰম হৈ পৰে, বেটেৰীৰ গৰম হোৱাৰ ফলত ব্লাষ্ট হোৱাৰ সম্ভাৱনা বেছি।

এনেধৰণৰ ভয়ংকৰ ঘটনাৰ পৰি ৰক্ষা পাবলৈ আপুনি কি কি সাৱধানতা অৱলম্বন কৰিব? জানো আহক -

চাৰ্জ দিয়া সময়ত মোবাইলৰ ক'ভাৰ খুলি থ'ব লাগে 

সকলোতকৈ প্ৰথমে গৰম দিনত মোবাইলটো চাৰ্জ দিলে মোবাইলৰ ক'ভাৰ খুলি থ'ব লাগে ।ইয়াৰ ফলত ফোনটোৰ পৰা ওলোৱা গৰম বতাহ সহজতে মুক্তি পোৱাৰ লগতে ডিভাইজটো অতিৰিক্ত গৰম হৈ নপৰে।।আৰু যাৰ বাবে বিপদৰ পৰা মুক্তি পাব পাৰি।

মোবাইলটোৰ অ'ৰিজনল চাৰ্জৰ ব্যৱহাৰ কৰিব লাগে

সদায় এই কথাটো গুৰুত্ব দিয়াৰ প্ৰয়োজন যে, চাৰ্জ দিয়া সময়ত মোবাইলটোৰ অ'ৰিজনল চাৰ্জৰ ব্যৱহাৰ কৰিছে নে নাই। কিয়নো অ'ৰিজনল চাৰ্জৰ ব্যৱহাৰ নকৰাৰ ফলত মোবাইলটোত অভাৰলোড হোৱাৰ সম্ভাৱনা বহু বেছি।ইয়াৰ বাবে মোবাইলটো ব্লাষ্ট হ'ব পাৰে।

এই কথাটো গুৰুত্ব দিয়া প্ৰয়োজন যে

বহু মানুহে মোবাইল ফোনটো চাৰ্জত লগাই গাৰুৰ তলত থৈ দিয়ে, গাৰুৰ তলত থৈ দিয়াৰ কাৰণে মোবাইলটো গৰম হৈ পৰে আৰু মোবাইলত জুই লাগিব পাৰে।

মোবাইল চাৰ্জত লগাই কেতিয়াও ব্যৱহাৰ কৰিব নালাগে

মোবাইল চাৰ্জত লগাই কেতিয়াও ব্যৱহাৰ কৰিব নালাগে কিয়নো চাৰ্জ দিয়া সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলে দ্ৰুত গতিত গৰম হৈ পৰে, মোবাইল চাৰ্জ দিয়াৰ সময়ত ফোন কৰা, গেম খেলা আৰু ভিডিঅ' চোবাৰ কাম কৰিব নালাগে। ইয়াৰ ফলত ভয়মকৰ বিপদৰ সন্মুখীন হ'ব পাৰে।।

Category
Profile picture for user UB Photos