Manab Deka

ভূমি কেলেংকাৰিত এইবাৰ নাম সাঙোৰ খাইছে ভৰত নৰহৰ। চৰকাৰী মাটি দখল কৰি বাগান পতাৰ ভয়ংকৰ অভিযোগ বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে। এই অভিযোগ তৰিছে বিজেপিৰ বিধায়ক মানৱ ডেকাই। 

লগতে মানৱ ডেকাই কয় যে, "‘১৯৯৮ চনৰ পৰাই সেই ভূমি দখল কৰি ৰাখিছে ভৰত নৰহে’,‘এক ইঞ্চি মাটি দখল কৰিলেও পদত্যাগ কৰাৰ কথা দিছিল নৰহে’,ভৰত নৰহে পদত্যাগ কৰে নে নকৰে মই নাজানো"। 

"গৌৰৱ গগৈৰ দলৰ জেষ্ঠ বিধায়কে চৰকাৰী মাটি দখল কৰি বাগান খুলিছে, সেই সন্দৰ্ভত কি ক'ব?" এই বিষয়ত গৌৰৱ গগৈক টুই কৰিবলৈ আহ্বান বিধায়ক মানৱ ডেকাৰ।