উত্তৰ-প্ৰত্যুত্তৰ! ভূমি কেলেংকাৰি সন্দৰ্ভত ভৰত নৰহৰ ওপৰত প্ৰশ্ন মানৱ ডেকাৰ, মানৱ ডেকাৰ প্ৰশ্নৰ উত্তৰত কি ক'লে ভৰত নৰহে?....

BHARAT

ভূমি কেলেংকাৰিত এইবাৰ নাম সাঙোৰ খাইছে ভৰত নৰহৰ। চৰকাৰী মাটি দখল কৰি বাগান পতাৰ ভয়ংকৰ অভিযোগ বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে। এই অভিযোগ তৰিছে বিজেপিৰ বিধায়ক মানৱ ডেকাই। 

লগতে মানৱ ডেকাই কয় যে, "‘১৯৯৮ চনৰ পৰাই সেই ভূমি দখল কৰি ৰাখিছে ভৰত নৰহে’,‘এক ইঞ্চি মাটি দখল কৰিলেও পদত্যাগ কৰাৰ কথা দিছিল নৰহে’,ভৰত নৰহে পদত্যাগ কৰে নে নকৰে মই নাজানো"। 

"গৌৰৱ গগৈৰ দলৰ জেষ্ঠ বিধায়কে চৰকাৰী মাটি দখল কৰি বাগান খুলিছে, সেই সন্দৰ্ভত কি ক'ব?" এই বিষয়ত গৌৰৱ গগৈক টুই কৰিবলৈ আহ্বান বিধায়ক মানৱ ডেকাৰ।

MANAB

এই অভিযোগৰ পিছতে এক সংবাদমেল সম্বোধন কৰে বিধায়ক ভৰত নৰহে। সংবাদমেলৰ জৰিয়তে মানৱ ডেকাক প্ৰত্যুত্তৰ ভৰত নৰহৰ।

ভৰত নৰহৰ মন্তব্য, "BJP শংকিত হৈ এতিয়া আমাৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰিছে, প্ৰথমে গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰৰ ভাবুকি,দ্বিতীয়তে ভূপেন বৰাৰ ভাই-ভাইবোৱাৰীক তাৎক্ষণিক বদলি কৰা হৈছে, তৃতীয়তে মোৰ বাগানৰ ওপৰত আক্ৰমণ"।

"মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ কথা ওলোৱা বাবেই প্ৰত্যাক্ৰমণ কৰিছে মানৱ ডেকাই, মই লখিমপুৰত নিৰ্বাচন খেলিম বুলি তেওঁ ভয় খাইছে, সেয়ে এই আক্ৰমণৰ চেষ্টা।" "কংগ্ৰেছে ব্ৰিটিছৰ লাঠী, গুলীলৈ ভয় কৰা নাছিল, BJP ৰ ভয়, ভাবুকি, আক্ৰমণক ভয় নকৰোঁ।" এই মন্তব্য ভৰত নৰহৰ।

BHARAT

লগতে তেওঁ কয়, "মানৱ ডেকা লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীৰ কাণ্ডাৰী। লখিমপুৰত তিনি মহলীয়া ঘৰ, বাইপাছত মাটি কৰ টকাৰে কিনিছে তেওঁ?"

মানৱ ডেকাই ভৰত নৰহক প্ৰশ্ন কৰিছিল, চৰকাৰী মাটিত উচ্ছেদ কৰিলে ঠিকে আছে, কিন্তু তাত বাগান কেনেকৈ হ'ল? সেই বাগানৰ ১২৮ বিঘা দখল কৰি থকা মাটি অজিত নৰহে তেওঁৰ মাটি বুলি বসুন্ধৰাত আবেদন কৰিছে। অজিত নৰহ কোন মই নাজানো।

এই প্ৰশ্নসমূহৰ উত্তৰত ভৰতে কয়, "অজিত নৰহ আমাৰ গাঁৱৰে, দূৰ সম্পৰ্কীয়। তেওঁ আবেদন কৰিব পাৰে। চৈধ্য পোন্ধৰজন মানুহৰ পৰা সেই মাটি কিনি লৈছোঁ আমি, মোৰ সম্পৰ্কীয়ই চাহ বাগিচা কৰিছে, মোৰ লগত জোৰা দিলে কি হ'ব? বগীনদীৰ মাটি আমি স্থানীয় মানুহৰ পৰা কিনিছোঁ।"

"মানৱ ডেকাই পদত্যাগ কৰিব লাগিব; ১০০০০, ২০০০০,২৪০০০ বিঘাকৈ কিনিছিলোঁ বাগানৰ মাটি।ক্ষুদ্ৰ চাহ বাগিচা regural কৰিম বুলি চৰকাৰে কৈছে মানুহে আবেদন কৰিছে।"


 

Category
Profile picture for user UB Photos