International News

শোকৰ ছাঁ, ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, এই দুৰ্ঘটনাত মৃত্যু ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি। ৰাইছিৰ হেলিকপ্টাৰখনে পাহাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, ইৰাণৰ ৰাষ্ট্ৰপতি গৰাকীৰ লগত বৈদেশিক মন্ত্ৰী আৰু অন্যান্য বিষয়া সকলো আছিল। 

উল্লেখ্য যে, দেওবাৰে পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল হোৱা বুলি জানিব পৰা গৈছে। শেহতীয়া এক খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ কোনে লোকৰে জীয়াই থকাৰ সম্ভাৱনা নাই।