Education Department

অসম চৰকাৰৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৫,৫৫০ টা শিক্ষক পদৰ বিজ্ঞাপন মুকলি কৰিছে। অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা এই বিজ্ঞাপনসমূহ অনলাইনযোগে আবেদন কৰিব লাগিব। 

উল্লেখ্য যে, নিম্ন প্ৰাথমিকত ৩,৮০০ টা শিক্ষক পদৰ লগতে  উচ্চ প্ৰাথমিকত ১,৭৫০ টা শিক্ষক পদ খালী আছে। নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ মাহিলি দৰমহা ১৪,০০০ ৰ পৰা ৭০,০০০ হোৱাৰ লগতে গ্ৰেড পে' আৰু অন্যান্য সুবিধাসমুহো লাভ কৰিব।