বাতিল কৰা হ’ল ১৮ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা…

cancel notice

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ ধ্বংসলীলা। ৰুষ্ট প্ৰকৃতিৰ বাবে ক’ৰবাত যদি বান, আন ক’ৰবাত আকৌ ভূমিস্খলন। প্ৰতিকূল বতৰ আৰু বিভিন্ন প্ৰান্তত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে মঙলবাৰে এক জাননীযোগে ঘোষণা কৰে এই কথা। ১৮ মে’ৰ পৰা ২১ মে’লৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ ধ্বংসলীলাৰ বাবে বাতিল কৰা হৈছে পৰীক্ষা।

notice

আনহাতে, পাহাৰীয়া জিলা ডিমা হাচাওত হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে ১৮ মে’ৰ পৰা ১ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে।

Category
Profile picture for user UB Photos