Jagdeep Dhankhar

কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়। কেইবাটাও কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি গৰাকী।

উল্লেখ্য যে, উপ-ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ বিশেষ তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। দুদিনৰ বাবে গুৱাহাটীৰ পদপথৰ দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ।

জালুকবাৰীৰ পৰা খানাপাৰালৈ পদপথত বহিব নোৱাৰিব দোকান। কাহিলিপাৰা, লালগণেশলৈও পদপথত দোকান বহুওৱাত নিষেধাজ্ঞা। উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰ জিলা প্ৰশাসনৰ সিদ্ধান্ত।

১০ ফেব্ৰুৱাৰীত দশম আৰক্ষী ছাউনীত উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী। জিলা উপায়ুক্ত কাৰ্যালয়ত উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ বৈঠক।