Barsapara Cricket Stadium

গুৱাহাটীত ক্ৰিকেটৰ জ্বৰ। কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত হাইভল্টেজ T-20 মেচ। অসমবাসীয়ে অধিক কৌতুহলেৰে বাট চাই আছে এই উত্তেজনাপূৰ্ণ মেচখনৰ বাবে। মেচখনৰপূৰ্বে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত লন শইকীয়া আৰু T20 ক্ৰিকেটৰ মিডিয়া চেলৰ অধ্যক্ষ পাৰ্থ সাৰথি মহন্তই সম্বোধন কৰে সংবাদমেলৰ ৷

 

কাইলৈ অনুষ্ঠিত হ’বলগীয়া উত্তেজনাপূৰ্ণ এই মেচখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব আৰু অন্ত পৰিব ১১বজাত। হাইভল্টেজ খেলখনক লৈ সষ্টম অসম আৰক্ষী। বাহন চলাচল, পাৰ্কিঙৰ ক্ষেত্ৰত জাৰি কৰিলে বিশেষ নিৰ্দেশনা। দৰ্শকৰ বাবেও সদৰি কৰিলে বিশেষ নীতি-নিৰ্দেশনা।