Haflong Flood

পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ আৰম্ভ কৰিছে প্ৰকৃতিয়ে বিধ্বস্ত কৰা নিউ হাফলং ৰে’ল ষ্টেচনলৈ।

প্ৰকৃতিৰ ধ্বংসলীলাৰ প্ৰায় ৪০ দিনৰ মূৰত লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব ধৰিছে নিউ হাফলংলৈ।

ইতিমধ্যে নিউ হাফলং-বদৰপুৰৰ মাজত ৰে’লপথ সূচল হোৱাৰ উপৰি পৰীক্ষামূলকভাৱে ইঞ্জিন ৰোলিঙৰ উপৰি মাইগ্ৰেনদিচা ষ্টেচনত ৰখাই থকা পেট্ৰ’লিয়াম সামগ্ৰী ভৰ্তি ৰে’ল বদৰপুৰ লৈ যোৱা হৈছে। এন এফ ৰে’ল কৰ্তৃপক্ষই শিলচৰ আৰু নিউ হাফলঙৰ মাজত যাত্ৰীবাহী ৰে’ল চলোৱাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে।