শীঘ্ৰে প্ৰাণ পাই উঠিব প্ৰকৃতিয়ে তচনচ কৰি পেলোৱা নিউ হাফলং ৰে’ল ষ্টেচন

New Halflong Station

পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ আৰম্ভ কৰিছে প্ৰকৃতিয়ে বিধ্বস্ত কৰা নিউ হাফলং ৰে’ল ষ্টেচনলৈ।

প্ৰকৃতিৰ ধ্বংসলীলাৰ প্ৰায় ৪০ দিনৰ মূৰত লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব ধৰিছে নিউ হাফলংলৈ।

ইতিমধ্যে নিউ হাফলং-বদৰপুৰৰ মাজত ৰে’লপথ সূচল হোৱাৰ উপৰি পৰীক্ষামূলকভাৱে ইঞ্জিন ৰোলিঙৰ উপৰি মাইগ্ৰেনদিচা ষ্টেচনত ৰখাই থকা পেট্ৰ’লিয়াম সামগ্ৰী ভৰ্তি ৰে’ল বদৰপুৰ লৈ যোৱা হৈছে। এন এফ ৰে’ল কৰ্তৃপক্ষই শিলচৰ আৰু নিউ হাফলঙৰ মাজত যাত্ৰীবাহী ৰে’ল চলোৱাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে।

বান আৰু ভূমিস্খলনৰ ফলত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছিল ষ্টেচনটো। এই ষ্টেচনটোতে পানীৰ সোঁতে বগৰাই পেলাইছিল ট্ৰেকত ৰৈ থকা ৰে’ল। 

উল্লেখযোগ্য যে প্ৰকৃতিৰ ৰোষত পৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল পাহাৰীয়া জিলাখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হাফলং।

Category
Profile picture for user UB Photos