World

বৃহস্পতিবাৰে আলজেৰিয়াৰ এখন আদালতে যোৱা বছৰ অৰ্থাৎ শিল্পী জামেল বেন ইছমাইলৰ নিৰ্মম হত্যাকাণ্ডৰ ৰায়দান প্ৰদান কৰে। আলজেৰিয়াৰ ন্যায়পালিকাই জামেল বেন ইছমাইলক জীয়াই জ্বলাই দিয়া আৰু তেওঁৰ শৰীৰ বিকৃত কৰাৰ অভিযোগত অভিযুক্ত ৪৯ জন লোকৰ বিৰুদ্ধে মৃত্যুদণ্ড জাৰি কৰে। ১০২ জনৰ ভিতৰত ১৭জনক নিৰ্দোষ সাব্যস্ত কৰে। আনহাতে বাকীসকলক ৫-১০ বছৰলৈকে কাৰাদণ্ড বিহে। অৱশ্যে, আলজেৰিয়া প্ৰেছ চাৰ্ভিচ (এপিএছ)ৰ মতে, মৃত্যুদণ্ডৰ ওপৰত দেশখনে স্থগিতাদেশ দিয়াৰ বাবে শাস্তি আজীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰা হ’ব।