Covid Death Cases

ভাৰতত বৃদ্ধি হৈছে ক'ৰোনা ৰোগীৰ সংখ্যা।

শনিবাৰে প্ৰদান কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ২,৫২৭ টা ক'ভিডৰ নতুন ঘটনা পোহৰলৈ আহিছে। ফলস্বৰূপে, দেশত সক্ৰিয় ঘটনাৰ সংখ্যা ১৫,০৭৯টালৈ বৃদ্ধি হৈছে। এইটো একেৰাহে চতুৰ্থ দিন য'ত কোৰোণাৰ ২,০০০ৰো অধিক ৰোগী ধৰা পৰিছে। পজিটিভিটিৰ হাৰ ০.৫৬ শতাংশত।

যোৱা ২৪ ঘণ্টাত, ক'ৰোনাৰ ফলত মৃত্যু হৈছে ৩৩ জন লোকৰ। দেশত এতিয়ালৈকে মুঠ ক'ৰোনা ৰোগীৰ সংখ্যা ৪,৩০,৫৪,৯৫২। ইয়াৰ ভিতৰত ৪,২৫,১৭,৭২৪ জন লোক আৰোগ্য হৈছে। 

উল্লেখ্য় যে, বৰ্ধিত সংখ্যক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীত মাস্ক পিন্ধাতো ইতিমধ্য়ে বাধ্যতামূলক কৰা হৈছে।