Covid Cases

দেশত ক'ৰোনাৰ বৰ্ধিত সংখ্যাই পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা অহা তথ্য় অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১৭,০৯২জন নতুন ক'ৰোনা আক্ৰান্ত ধৰা পৰিছে আৰু ২৯ জনৰ মৃত্যু হৈছে।

দৈনিক আক্ৰান্তৰ হাৰ ৪.১৪ শতাংশ। সক্ৰিয় ঘটনাৰ সংখ্যা ১,০৯,৫৬৮ লৈ বৃদ্ধি হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত যোৱা ২৪ ঘণ্টাত ১৪,৬৮৪ জন লোক ক'ৰোনাৰ পৰা আৰোগ্য হৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক ৪১৮৯ জন মহাৰাষ্ট্ৰৰ পৰা, ৩৭২৪ জন কেৰালাত আৰু ১৩২১ জন তামিলনাডুত আৰোগ্য হৈছে।