Guwahati Medical College

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে ৰোগী নিৰুদ্দেশ হোৱাৰ ঘটনা।

বিগত ১ আগষ্টত ভৰ্তি হোৱা ৰোগীজন দেৰগাঁৱৰ দিলীপ দাস আছিল বুলি জানিব পৰা গৈছে। নিজ পুত্ৰ আৰু পত্নীৰ সৈতে চিকিৎসালয়ত ভৰ্তি হৈছিল লোকজন। কিন্তু ভৰ্তি হোৱাৰ পিছৰে পৰাই ঘৰলৈ যাবলৈ বিছাৰি আছিল লোকজনে। ৩ আগষ্টত চিকিৎসালয়ৰ পৰা ৰোগীজনক যাবলৈ দিয়াৰ কথা আছিল যদিও তাৰ পূৰ্বেই ৰোগীজন নিৰুদ্দেশ হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা।